মহাকাশত আজি দেখিব বিৰল দৃশ্য- এই দৃশ্য প্ৰত্যক্ষ কৰিবলৈ ৪০০বছৰ অপেক্ষা কৰিব লাগিব

0 225

বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। ৪০০ বছৰ পাছত শনি আৰু বৃহস্পতি গ্ৰহ দুটা আজি আটাইতকৈ ওচৰা-ওচৰি হ’ব।গ্ৰহ দুটা ইমানেই কাষ চাপিব যে পৃথিৱীৰ পৰা ইয়াক খালী চকুৰে দেখা পোৱা যাব।
উল্লেখযোগ্য যে যোৱা ১৬ ডিচেম্বৰৰ পৰা ২৫ তাৰিখলৈ গ্ৰহ দুটা ওচৰা ওচৰিকৈ আছে যদিও আজিৰ দিনটোত শনি আৰু বৃহস্পতি একেবাৰে কাষত অৱস্থান কৰিব।
বিজ্ঞানীসকলৰ মতে এই ধৰণৰ ঘটনাক কনজাংকশ্যন বুলি কোৱা হয়। বিশ্বাস অনুসৰি ২১ ডিচেম্বৰৰ এই ঘটনা ষ্টাৰ অফ বেথেলহাম বা খ্ৰীষ্টমাছ ষ্টাৰ হিচাপে দেখা দিব।।১৬২৩ খ্ৰীষ্টাব্দৰ পাছত এইবাৰ প্ৰথম বাৰৰ বাবে শনি আৰু বৃহস্পতি গ্ৰহক ইমান ওচৰা ওচৰিকৈ অৱস্থান কৰা দেখা যাব। বিজ্ঞানী সকলে জানিবলৈ দিয়া মতে এনেধৰণৰ ঘটনা আৰু পুনৰ ২০৮০ চনৰ ১৫ মাৰ্চত হে দেখা যাব।

Leave A Reply

Your email address will not be published.