মহাকাশ গৱেষণাত অধ্যয়নত দুই গৱেষিকাই বাৰ্তালাপ কৰিলে? কিন্তু ক’ত

0 348

আজি ইণ্টাৰনেশ্ব্যনেল ডে ফৰ ওমেন এণ্ড ফৰ গাৰ্লছ ইন চাইন্স ডে।এই দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ ষ্টাৰ্টআপ আচাম দ্যা নেষ্টত স্কাইপী যোগে মহাকাশৰ দুগৰাকী শিক্ষার্থীৰ লগত বাৰ্তালাপ অনুষ্ঠিত হয়।
ডব্লিউ ই এফ এ আয়োজন কৰা এই অনুষ্ঠানত গাৰ্লছ চাইন্সৰ ব্ৰেণ্ড এম্বেচাদৰ প্ৰিয়ংকা দাস ৰাজকাকতি আৰু ইংলেণ্ডত এষ্ট্ৰ’ফিজিক্সত অধ্যয়নৰত অংগৰাজ দুৱৰাৰ লগত মত বিনিময় হয়।মহানগৰীৰ বহুকেইখন অগ্ৰণীয় প্ৰতিষ্ঠানৰ শিক্ষার্থীয়ে এই অনুষ্ঠানটোত অংশগ্রহণ কৰে।
উল্লেখযোগ্য যে বিশেষকৈ ছাত্রীসকলক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্রহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।এই সম্পর্কত ৱেফা’ৰ সম্পাদক অন্তৰা বৰুৱাই জনাই যে ৱেফা’ৰ যোগেদি ছাত্রীসকলৰ শৈক্ষিক বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে।আজিৰ এই বাৰ্তালাপৰ অনুষ্ঠানটোত ষ্টাৰ্টআপৰ লগত জড়িত সমূহ বিষয়ববীয়াৰ লগতে বিদ্যালয়ৰ বহুকেইগৰাকী প্ৰতিনিধি  উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.