মহাকাশ পৰ্যটন- আমাজনৰ প্ৰতিষ্ঠাপকৰ আজি মহাকাশলৈ যাত্ৰা

0 251

মহাকাশ পৰ্যটনৰ ক্ষেত্ৰত এক নতুন যূগৰ সূচনা কৰি আজি মহাকাশলৈ যাত্ৰা কৰিব অনলাইন বাণিজ্যিক সংস্থা আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজ’ছ আৰু তেওঁৰ ভাতৃ মার্ক ৷ব্লু অৰিজিন কোম্পানীৰ ৰকেটৰ পৰা মহাকাশ যাত্রা আৰম্ভ কৰিব৷ প্রথমবাৰলৈ বেজ’ছ আৰু মার্কে মহাকাশ অভিযানত অংশগ্রহণ কৰিব৷ বেজ’ছে উল্লেখ কৰা মতে পাঁচ বছৰ বয়সৰ পৰা মহাকাশত উৰণৰ তেওঁৰ সপোন দেখিছিল৷যি সপোন আজি দিঠকত পৰিণত হোৱাৰ সময় আহি পৰিছে ৷ ভাতৃ মার্কৰ সৈতে মহাকাশলৈ যাত্রা কৰিব আমাজনৰ মুৰব্বীগৰাকীয়ে৷ বিশ্বৰ অন্যতম ধনাঢ়্য ব্যক্তিগৰাকীয়ে এই কথা সদৰী কৰিছে৷
লক্ষণীয়ভাৱে বেজ’ছ তথা অন্য দুগৰাকী ধনকুবেৰ এলন মাষ্ট আৰু ৰিচার্ড ব্রেনছনে ইতিমধ্যে মহাকাশ অভিযানৰ ৰকেটৰ নামত কেইবানিযুত ডলাৰ ব্যয় কৰিছে৷ মহাকাশযান নিউ ছেপাৰ্ডেৰে এই যাত্ৰা কৰিব ৷ব্লু অৰিজিন মিছনৰ অধীনত আজি ভাৰতীয় সময় মতে সন্ধিয়া ৬.৩০ বজাত মহাকাশলৈ পৰ্যটক ৰূপে যাত্ৰা আৰম্ভ কৰিব ৷

Leave A Reply

Your email address will not be published.