মহানগৰীত সোমবাৰৰ পৰা আৰম্ভ হ’ব আনলক ১

0 247

সোমবাৰৰ পৰা গুৱাহাটী মহানগৰীত আৰম্ভ হ’ব আনলক ১। পুৱা ৭বজাৰ পৰা ৫বজালৈ সকলো দোকান খুলিব পাৰিব। এই ঘোষণা মুখ্য সচিব সঞ্জয় কৃষ্ণৰ।
 
 
আজি এক সংবাদমেলত মুখ্য সচিব গৰাকী কয় যে  ২০জুলাইৰ পৰা মহানগৰীত পথৰ এটা ফালৰহে সকলো দোকান খুলিব পাৰিব। ২০আৰু ২১জুলাইত আন্তঃ জিলা পৰিবহন খোলা থাকিব। ঠিক সেইদৰে পুনৰ অহা ২২জুলাইৰ পৰা পুনৰ আন্তঃ জিলা পৰিবহন বন্ধ হ’ব। আনহাতে শাক পাচলি, মাছ মাংস পুৱা ৭বজাৰ পৰা ৫বজালৈ খোলা থাকিব।  গাখীৰ আৰু কেচুৱাৰ খাদ্য সকলো দিনতে খোলা থাকিব। পান মছলা, গুটখা, চিগাৰেটৰ দোকান বন্ধ থাকিব।
 
 
শ্বপিং মল, চিনেমা হল, ৰেষ্টুৰেণ্ট, জিম, শিক্ষা প্ৰতিষ্ঠান, পাৰ্লাৰ আদি বন্ধ থাকিব। মাত্ৰ ৩০শতাংশ কৰ্মচাৰীৰ উপস্থিতিত চৰকাৰী কাৰ্যালয় সমূহৰ কাম কাজ চলিব। স্মৰ্তব্য যে মাস্ক নিপিন্ধা লোকসকলৰ বিৰূদ্ধে ১০০০ টকা জৰিমনাৰ নিৰ্দেশ দিয়া হৈছে।

Leave A Reply

Your email address will not be published.