মহানগৰীত ৬জুলাইৰ পৰা লকডাউনত শিথিলতা থাকিব

0 211

গুৱাহাটী মহানগৰীত হোৱা ভয়াৱহ গণ সংক্ৰমণৰ কাৰণে প্ৰশাসনে ১৪দিনৰ বাবে লকডাউন ঘোষণা কৰিছিল। এই লকডাউনৰ মাজতে মহানগৰবাসী যাতে কোনোধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে লকডাউনৰ মাজতে মহানগৰীৰ গেলামালৰ দোকান সমূহ ৬জুলাই আৰু ৮জুলাইৰ দিনা পুৱা ১১বজাৰ পৰা আবেলি ৪বজালৈকে খুলিব পাৰিব।গেলামাল দোকানৰ মালিক, কৰ্মচাৰী সকলৰ লগতে দোকানৰ গ্ৰাহক সকলেও হেণ্ডগ্লোভচ আৰু সামাজিক দুৰত্ব মানি চলিব লাগিব। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ লগতে গেলামাল সামগ্ৰী সমূহৰ নাটনি ৰোধৰ ক্ষেত্ৰত থকা দায়িত্ব মালিকপক্ষই পালন কৰিব লাগিব। সমান্তৰালভাৱে দোকানী আৰু খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰো এইক্ষেত্ৰত দায়িত্ব থাকিব।
 
 
 
উল্লেখযোগ্য যে যিসকল লোকে ঘৰে ঘৰে গৈ শাক পাচলি আৰু ফলমূল বিক্ৰী কৰিছিল সেইসকল লোককো ৬জুলাই আৰু ৮জুলাইৰ দিনা পুৱা ৮বজাৰ পৰা আবেলি ২বজালৈ ঘৰে ঘৰে বিক্ৰী কৰাৰ অনুমতি দিয়া হৈছে। মহানগৰীত ৫জুলাই আৰু ৭জুলাইৰ দিনা গেলামালৰ যিসমূহ পাইকাৰী দোকান আছে সেইসমূহো আবেলি ৩বজাৰ পৰা ৬বজালৈকে খুলিব পাৰিব।
 
 
 
কালিৰ পৰা এফ চি আইৰ সকলো কাম সামাজিক দুৰত্ব মানি আৰম্ভ কৰিব পাৰিব।যিসমূহ বাহনৰ জৰিয়তে অত্যাৱশ্যকীয় সা সামগ্ৰী সমূহ কঢ়িওৱা হয় সেইসমূহ বাহন কামৰূপ মহানগৰৰ ভিতৰত কোনো ষ্টপেজত নৰখোৱাকৈ যাব পাৰিব।
স্মৰ্তব্য যে অহা ৬জুলাইৰ পৰা ৮জুলাইৰ দিনাখন পুৱা ১০বজাৰ পৰা ৩বজালৈ ঔষধৰ পাইকাৰী বিক্ৰীৰ অনুমতি প্ৰদান কৰা হৈছে। আনহাতে পশু চিকিৎসা কেন্দ্ৰ আৰু ঔষধৰ বিপনীসমূহো ৬ জুলাই আৰু ৮ জুলাইৰ দিনা খুলিব পাৰিব।

Leave A Reply

Your email address will not be published.