মহানুভৱতাৰ পৰিচয় দিছে এজন অটো চালকে

0 250

মানুহে মানুহৰ বাবে.. যদিহে অকণো নাভাবে.. ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীতৰ আদৰ্শক সৰোগত কৰি এজন অটো চালকে মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে৷
 
 
 
মহানগৰীৰ কালাপাহাৰৰ এই অটো চালকজন নাম পিযুষ সিং৷তেখেতে বিশেষ ভাৱে সক্ষম ব্যক্তি সকলৰ বাবে ৫০শতাংশ ৰেহাইৰ মূল্যত অটো ভাড়া আগবঢ়াইছে।ইতিমধ্যে প্ৰায় ২৫ গৰাকী গ্ৰাহকক তেখেতে ৰেহাই মূল্যত ভাৰা প্ৰদান কৰিছে।এনেদৰে ৰেহাই মূল্যত ভাৰা প্ৰদান কৰাৰ বাবে চিন্তা কিদৰে  মনলৈ আহিল জানিব বিচৰাত পিযুষ সিঙে এনেদৰে কয়- বিশেষভাৱে সক্ষম দুখীয়া যাত্ৰীসকলে যাতায়তৰ ক্ষেত্ৰত বহু  অসুুুবিধাৰ সন্মুখীন হোৱা  দেখিছো। ইচ্ছা কৰি কৰিয়ো অটোৰ দাম বেছি হোৱাৰ বাবে যাব নোৱাৰে।সেয়েহে এনে ৰেহাই মূল্যত সেৱা আগবঢ়াও।
 
 
 
 
উল্লেখযোগ্য যে তেখেতে তিনিমাহৰ পূৰ্বৰ পৰা এই সেৱা আগবঢ়াই আহিছে।১০বছৰ ধৰি অটো চলাই জীৱিকাৰ নিৰ্বাহ কৰি আছে।অটো চালক জনৰ এই পদক্ষেপক সচেতন মহলে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.