মাজুলীত বিদেশী ছাত্ৰ ছাত্ৰীয়ে সংগ্ৰহালয় সাজিলে

0 291

মাজুলীৰ কৃষ্টি সংস্কৃতি গ্ৰাম্য পটভূমি প্ৰতিফলিত হ’ব পৰাকৈ এদল বিদেশী ছাত্ৰ ছাত্ৰী গৱেষকৰ দলে মাজুলীত এটা সংগ্ৰহালয় নিৰ্মাণ কৰিছে।মাজুলীৰ বৈষ্ঞৱ কৃষ্টি সংস্কৃতি আৰু জনজাতি সংস্কৃতি প্ৰতিফলিত হ’ব পৰাকৈ সংগ্ৰহালয়ত সমল সমূহ সংগ্ৰহ কৰি ৰাখিছে । ১০ দিনৰ বাবে মাজুলীলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে অহা এদল ছাত্ৰ ছাত্ৰীয়ে ৬দিনত সংগ্ৰহালয়টো নিৰ্মাণ কৰি উলিয়াইছে ।মাজুলীৰ ডেকাচাঙৰ বেম্বো লজৰ সমীপত বাহ, ইকৰা বেতেৰে সংগ্ৰহালয়টো নিৰ্মাণ কৰিছে ।সংগ্ৰহালয়টো অলপতে আনুষ্ঠানিকভাৱে মুকলি হয় ।এনেধৰণৰ সংগ্ৰহালয়ে নিসন্দেহে মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদান কৰিব।সহযোগ কৰিলে মাজুলীৰ পৰা জ্যোতিষ তামুলী আৰু ৰিদিপ বৰাই ।

Leave A Reply

Your email address will not be published.