মাজুলীৰ ৰাইজক কেতিয়াও মুখ্যমন্ত্ৰীৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নহ’ব-মুখ্যমন্ত্ৰী

0 232

মুখ্যমন্ত্ৰী হিচাপে আজি প্রথমবাৰৰ বাবে মাজুলী জিলা ভ্ৰমণ কৰাৰ সময়ত উপায়ুক্তৰ কাৰ্যালয় চৌহদত স্থানীয় সাংবাদিকৰে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয় যে মাজুলীৰ‌ ৰাইজক কেতিয়াও মুখ্যমন্ত্ৰীৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নহ’ব। মুখ্যমন্ত্ৰী ড: শৰ্মাই লগতে কয় যে প্রাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত মাজুলীৰ উন্নয়নৰ যি কৰ্মযজ্ঞ আৰম্ভ হৈছিল, সেয়া স্তিমিত হ’বলৈ দিয়া নহ’ব। বৰঞ্চ বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত এই উন্নয়নে এক নতুন মাত্ৰাহে লাভ কৰিব। সোণোৱালৰ নেতৃত্বত আৰম্ভ হোৱা নতুন অসম নিৰ্মাণৰ কাম বৰ্তমানৰ চৰকাৰখনেও একেই গতিত অব্যাহত ৰাখিব।
মুখ্যমন্ত্ৰী ড: শৰ্মাই কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে নিজৰ বিগত পাঁচবছৰীয়া কাৰ্যকালত মাজুলীৰ‌ বৰ্তমানৰ বিধায়ক সৰ্বানন্দ সোণোৱালে নদীদ্বীপ জিলাখনত এক বিশাল কৰ্মযজ্ঞ আৰম্ভ কৰিছিল। মাজুলী-যোৰহাট সংযোগী দলঙৰ পৰা সমগ্ৰ মাজুলীতে এটা বিশাল পথ-নেটৱৰ্ক নিৰ্মাণ কৰা, কৃষি স্বাস্থ্য, বান নিয়ন্ত্ৰনকে ধৰি বিভিন্ন দিশত বহুসংখ্যক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল। মাজুলীৰ দুখীয়া আৰু আৰ্তজনৰ কাষত ঠিয় হৈ অজস্ৰ জনকল্যাণমূলক কাম আৰম্ভ কৰিছিল। মাজুলীৰ সত্ৰসমূহ আৰু ধৰ্মীয় অনুষ্ঠাসমূহলৈ তেখেতে উদাৰভাৱে সহায় সহযোগিতা আগবঢ়াইছিল বুলি উল্লেখ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনক দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অনাৰ লগতে অভিলেখসংখ্যক ভোটেৰে সৰ্বানন্দ সোণোৱালক বিধান সভালৈ পুনৰবাৰ নিৰ্বাচিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই মাজুলীবাসীক ধন্যবাদ জ্ঞাপন কৰে।
মাজুলীৰ ক’ভিড পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰনাধীন বুলি সদৰী কৰি মুখ্যমন্ত্ৰী কয় যে কেন্দ্ৰীয় চৰকাৰে অচিৰেই ভেকচিনৰ যোগান বৃদ্ধি কৰিব আৰু তাৰ পিছতে ৰাজ্যত প্রতিদিনে ১ লাখ লোকক ভেকচিন প্রদান কৰা হ’ব। মাজুলীৰ প্ৰতিগৰাকী লোকেই ক’ভিড ভেকচিন লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে টীকাকৰণ সম্পূৰ্ণ নোহোৱালৈকে সামাজিক দুৰত্ব, ক’ভিড বিধি মানি চলাৰ ওপৰত ৰাইজ সচেতন হ’ব লাগিব।

Leave A Reply

Your email address will not be published.