ধঁপাতজাত সামগ্ৰী প্ৰস্তুত কৰা কোম্পানীসমূহে ডিব্ৰুগড় চহৰত অতি কৌশলেৰে আৰু পৰিকল্পিতভাৱে বিদ্যালয়ৰ ছাত্র-ছাত্ৰীক ধঁপাতৰ প্ৰতি আকৰ্ষিত কৰিবলৈ শিক্ষা প্ৰতিষ্ঠানৰ কাষত এনে সামগ্ৰীৰ বিজ্ঞাপন প্ৰচাৰ আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে। অসমত দীৰ্ঘদিন ধৰি ধঁপাত নিয়ন্ত্ৰণৰ ওপৰত কাম কৰি থকা কনজিউমাৰছ লিগেল প্ৰটেকছন ফ’ৰাম, অসম আৰু নতুন দিল্লীৰ কনজিউমাৰ ভয়েচে শেহতীয়াভাৱে গুৱাহাটী, যোৰহাটকে ধৰি ডিব্ৰুগড় চহৰত চলোৱা এক সমীক্ষাত ধঁপাতক কেন্দ্ৰ কৰি এনে কিছুমান ভয়াৱহ তথ্য পোহৰলৈ আহে। চিগাৰেটছ আৰু অন্যান্য ধঁপাতজাত সামগ্ৰী আইন (COTPA) মুকলিভাবে উলংঘা কৰি কোম্পানীসমূহে আনকি ৮ বছৰীয়া শিশুকো ধঁপাত বিক্ৰী কৰাৰ ভয়াৱহ তথ্য সমীক্ষাত পোহৰলৈ আহিছে। সোমবাৰে ডিব্ৰুগড়ৰ হোটেল কেতেকীত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ এখন কৰ্মশালাত সমীক্ষাৰ তথ্যসমূহ সদৰী কৰি কনজিউমাৰছ লিগেল প্ৰটেকছন ফৰামৰ আঞ্চলিক সমন্বয়ক হৃদয় পংকজ দাসে কয় যে- ডিব্ৰুগড়ৰ ৭১ শতাংশ শিক্ষানুষ্ঠানৰ চৌহদৰ কাষতে ধঁপাত আৰু ধঁপাতজাত সামগ্ৰী মুকলিভাৱে বিক্ৰী হৈ আছে। বহুজাতিক ধঁপাত কোম্পানীসমূহে সৰু সৰু আৰু অস্থায়ী দোকানৰ জৰিয়তে তেওঁলোকৰ সামগ্ৰী ছাত্ৰ ছাত্ৰীৰ মাজত বিক্ৰী কৰি আছে। চহৰখনৰ ৫৯ শতাংশ শিক্ষানুষ্ঠানৰ চৌহদৰ বাহিৰত ধঁপাত আৰু ধঁপাতজাত সামগ্ৰীৰ বিজ্ঞাপন আছে। ৮২ শতাংশ এনে দোকানে চিগাৰেট আৰু বিড়িৰ সৈতে ছাত্ৰ-ছাত্ৰীক আকৰ্ষিত কৰিবলৈ চিপছৰ দৰে সামগ্ৰীও বিক্ৰী কৰি আছে। শিক্ষানুষ্ঠানৰ বাহিৰত থকা স্থায়ী আৰু অস্থায়ী দোকানে ধঁপাত আৰু ধঁপাতজাত সামগ্ৰী মুকলিমূৰীয়াভাবে প্ৰদৰ্শন কৰি থৈছে। কৰ্মশালাত যুৱ প্ৰজন্মক ধঁপাত ব্যৱহাৰৰ পৰা কেনেকৈ আঁতৰাই ৰাখিব পাৰি সেই বিষয়ে ডাঃ ৰিক্তম বৰগোহাঞি, জিলা নডেল বিষয়া, জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ, ডিব্ৰুগড়; ইকবাল আহমেদ, জ্যেষ্ঠ সাংবাদিক, ছেন্টিনেল; প্ৰকাশ শৰ্মা, ভাৰপ্ৰাপ্ত বিষয়া, ডিব্ৰুগড় সদৰ থানা, আৰু ডি এইছ এছ কে কলেজৰ অধ্যক্ষ শশীকান্ত শইকীয়াই বিস্তৃত ভাবে আলোচনা আগবঢ়ায়। যুৱ প্ৰজন্মক ধঁপাত বিক্ৰী কৰাৰ ক্ষেত্ৰত কিদৰে বাধা দিব পাৰি সেই বিষয়ে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ উদয়ন বৰুৱাই মতামত আগবঢ়ায়। COTPA আইন অতি কঠোৰভাৱে বলবৎ কৰি শিক্ষানুষ্ঠানৰ ১০০ মিটাৰ দূৰত্বৰ ভিতৰত ধঁপাত আৰু ধঁপাতজাত সামগ্ৰীৰ বিক্ৰী আৰু বিজ্ঞাপন নিষিদ্ধ কৰিবলৈ কৰ্মশালাত উপস্থিত প্ৰতিগৰাকী ব্যক্তিয়ে জিলা প্ৰশাসনক দাবী জনায়।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন