মানৱ জ্যোতিৰ ব্যতিক্ৰম কৰ্মই হাজাৰ জনৰ হৃদয় জিনিছে

0 276

আধুনিকতাৰ ধামখমীয়াত একাংশ নৱপ্ৰজন্মই অসমীয়া জনজীৱনৰ লগত সম্পৰ্কিত সম্পদৰাজিৰ পৰা  বহুদূৰ ফালৰি কাটি যোৱাৰ সময়তে সোণাৰি লংপতীয়া জুতুলনী গাঁৱৰ এজন যুৱ শিল্পী চৰ্চালৈ আহিছে। মানৱজ্যোতি বৰুৱা নামৰ যুৱ শিল্পীজনে অসমীয়া জনজীৱনৰ লগত সম্পৰ্কিত পেঁপা,গগণা,সুতুলি,ঢোলৰ মাৰি,কাকৈ ফনী,টকা,নেগেৰা মাৰি প্ৰস্তুত কৰে।সোণাৰি কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ মানৱজ্যোতিৰ লগত হোৱা এক টেলিফোনিক বাৰ্তালাপত মানৱজ্যোতিয়ে কয় যে মোৰ দাদা বিহুৱা আছিল।প্ৰথমে তেওঁৰ পৰাই শুনি শুনি বজাবলৈ চেষ্টা কৰিছিলো।এইক্ষেত্ৰত আন এজন দাদা নীতু শইকীয়াই গগণা,পেঁপা বনাবলৈ শিকাইছিল।ইয়াৰ উপৰিও ২০১৮ চনৰ জুলাই মাহত দ্বীজেন গগৈৰ পৰা সাতদিনীয়া প্ৰশিক্ষণ গ্রহণ কৰিছিলো।তেওঁৰ অনুপ্ৰেৰণাতে লোকবাদ্য বনোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছো।উল্লেখযোগ্য যে মানৱজ্যোতিয়ে লোকবাদ্য সমূহ বনোৱাৰ লগতে বিক্রী কৰে।মানৱজ্যোতিৰ এনে কৰ্মৰ বাবে হাজাৰ জনে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.