মামাৰ শুদ্ধ উত্তৰ প্রদানেৰে প্রতিযোগী তুষাৰে জিকিলে ১০ হাজাৰ টকা

0 212

দেশৰ টেলিভিছন জগতৰ সবাতোকৈ জনপ্রিয় কুইজ অনুষ্ঠান ‘কৌন বনেগা কড়োৰপতি’ (কেবিচি)ত চর্চালৈ আহিল অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ নাম৷ বলীউডৰ মহানায়ক অমিতাভ বচ্চনে ‘কৌন বনেগা কড়োৰপতি’ (কেবিচি)ত অসমৰ জনপ্রিয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক লৈ সোধা প্রশ্ন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ অনুষ্ঠানটোৰ আঁত ধৰোঁতা অমিতাভ বচ্চনে প্রতিযোগী এজনক প্রশ্ণ সোধে– অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ৰাজ্যখনত কি নামেৰে সম্বোধন কৰা হয়৷ প্রশ্নটোৰ উত্তৰ হিচাপে (ক) চাচা, (খ) মামা, (গ) কাকা আৰু (ঘ) টাও হিচাপে উল্লেখ কৰি ইয়াৰে কোনটো শুদ্ধ উত্তৰ বুলি বিগ বিয়ে সমুখত বহি থকা প্রতিযোগী তুষাৰ ভৰদ্বাজক সোধে৷ প্রশ্নটোৰ উত্তৰ চাৰিটাৰ ভিতৰত ততালিকে তুষাৰ ভৰদ্বাজে (খ) মামা বুলি উত্তৰ দিয়ে৷ বিগ বিয়ে মিচিকিয়াই প্রতিযোগীজনক কম্পিউটাৰ লক কৰিম নে বুলি সোধাৰ লগে লগে প্রতিযোগীজনে লক কৰিব দিয়ে আৰু প্রশ্নটোৰ উত্তৰ (খ) মামা শুদ্ধ বুলি কম্পিউটাৰে নিশ্চিত কৰে৷
ইয়াৰ লগে লগে প্রতিযোগীজনৰ মুখত হাঁহি বিৰিঙে৷ আঁত ধৰোঁতা বিগ বিয়েও মিচিকিয়াই হাঁহি অভিনন্দন জনায় ভৰদ্বাজক৷ প্রতিযোগীজনে শুদ্ধ উত্তৰৰ বাবে লাভ কৰে ১০ হাজাৰ টকা৷ উল্লেখ্য যে প্রতিযোগী তুষাৰ ভৰদ্বাজ অসমৰ তেজপুৰৰ৷ তাৎপর্যপূর্ণ যে ছ’নী টিভিৰ জনপ্রিয় গেম শ্ব’ ‘কৌন বনেগা কড়োৰপতি’ (কেবিচি)ত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক ৰাজ্যখনৰ যুৱচামে ‘মামা’ বুলি সম্বোধন কৰা বিষয়টো প্রশ্ন হিচাপে উত্থাপন হোৱাত মুখ্যমন্ত্রী ড° শর্মাৰ ৰাষ্ট্রীয় পর্যায়ত জনপ্রিয়তা আৰু অধিক বৃদ্ধি পায়৷
দেশৰ অন্যতম জনপ্রিয় ৰাজনীতিক তথা দেশৰ ৰাজ্যসমূহৰ শীর্ষ ১০ জনপ্রিয় মুখ্যমন্ত্রীৰ ষষ্ঠ নম্বৰ স্থানত থকা ড° হিমন্ত বিশ্ব শর্মাক অসমৰ যুৱচামে মামা বুলি সম্বোধন কৰা চর্চিত নামটো ৰাষ্ট্রীয় প্রেক্ষাপটত উজলি উঠে৷ দেশজুৰি ব্যাপক চর্চিত হোৱা মুখ্যমন্ত্রী ড° শর্মাৰ ৰাজ্যত জনপ্রিয় সম্বোধন মামা এতিয়া চ’চিয়েল মিডিয়াত আলোড়ন৷ উল্লেখ্য যে বিগত বিধানসভা নির্বাচনত যুৱ চামৰ মাজত মামা হিচাপে জনপ্রিয় হৈ উঠিছিল ৰাজনীতিক ড° হিমন্ত বিশ্ব শর্মা৷ উচ্চতৰ মাধ্যমিকত ভাল ফলাফল দেখুওৱা ছাত্রীক স্কুটী প্রদান কৰাৰ পিছত ছাত্রক বুলেট দিয়াৰ প্রসংগ উচ্চাৰিত হৈছিল আৰু এই সময়ছোৱাতে ছাত্রসকলে বিশেষকৈ গাঁৱে গাঁৱে যুৱকসকলে নির্বাচনৰ প্রচাৰ সভাৰ লগতে আন অনুষ্ঠানত ড° শর্মাক মামা বুলি সম্বোধন কৰিছিল৷ মনকৰিবলগীয়া বিধানসভা নির্বাচনত ড° শর্মাক লৈ ৰচিত গীত এটিতো মামা সম্বোধন ব্যাপক জনপ্রিয় হৈছিল৷

Leave A Reply

Your email address will not be published.