মাস্ক পৰিধান কৰক,ক’ৰণাৰ পৰা বাচি থাকক -প্ৰতীকেৰে উজলিছে বিশ্বকৰ্মা

0 278

সম্প্ৰতি সমগ্ৰ ক’ৰণা ভাইৰাছৰ তাণ্ডপ চলি আছে।ইয়াৰ সমান্তৰালভাৱে আগমন হৈছে পূজাৰ বতৰ। ইতিমধ্যে গণেশ পূজা অনুষ্ঠিত হৈছে। কালিলৈ অনুষ্ঠিত হ’ব বিশ্বকৰ্মা পূজা।
 
 
 
পূৰ্বৰ দৰে এইবাৰ ধামখুমীয়াকৈ পূজা অনুষ্ঠিত কৰিব নোৱাৰিলেও ক’ভিডৰ প্ৰট’কল মানি অনুষ্টুপিয়াকৈ পূজা আয়োজনৰ পোষকতা কৰিছে দুধনৈ বাসীয়ে।দুধনৈ কলেজ ৰোডস্থিত শিল্পী জগন্নাথ পালে ব্যতিক্ৰমী চিন্তাৰে এইবাৰ বিশ্বকৰ্মা প্ৰতিমা সাজি উলিয়াইছে।উল্লেখযোগ্য যে তেওঁ বিশ্বকৰ্মা প্ৰতিমাত মাস্ক সংযুক্ত কৰিছে।
 
 
কৰ’না ভাইৰাছৰ সজাগতা প্রতীক হিচাপে মাস্ক খন ব্যৱহাৰ কৰিছে বুলি জানিব পৰা গৈছে।শিল্পী জগন্নাথ পালে গ্ৰহণ কৰা এই পদক্ষেপক সচেতন মহলে শলাগ লৈছে ।

Leave A Reply

Your email address will not be published.