মিচিং বানে কেবাং -মিচিং দৃৰবৃ কেবাংৰ ঢকুৱাখনা জিলা সমিতি গঠন

0 286

ৰাজ্যখনৰ  দ্বিতীয় সৰ্ব বৃহৎ ভৈয়াম জনগোষ্ঠী মিচিং  সকলৰ জাতীয়  সত্তা স্বৰূপ মিচিং বানে কেবাং ( মিচিং মহা সভা) আৰু মিচিং দৃৰবি কেবাং  ( মিচিং সাংস্কৃতিক  সভা) ৰ ঢকুৱাখনা জিলা সমিতিৰ এখন  বিশেষ প্ৰতিনিধিত্বমূলক  সভা  দেওবাৰে ঢকুৱাখনা নগৰৰ মিচিং জনজাতি  কৃষ্টি বিকাশ কেন্দ্ৰ প্ৰাংগণত অনুষ্ঠিত হয় ।  জনগোষ্ঠীটোৰ জাতীয় সভা দুখনৰ ২২খন বাংকেৰ শতাধিক  প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা বিশেষ প্ৰতিনিধিত্ব মূলক সভাৰ প্ৰাৰম্ভতে  দুখন কেবাংৰ পতাকা উত্তোলন কৰে  মিচিং আগম কেবাংৰ কেন্দ্ৰীয়  প্ৰাক্তন  সদস্য  বীৰেশ পেগু   আৰু দৃৰবৃ কেবাংৰ  কেন্দ্ৰীয় সমিতিৰ সদস্য খৰ্গেশ্বৰ দলেয়ে  ।   মিচিং জাতীয় সংগঠন  মিচিং মিমাগ কেবাংৰ কেন্দ্ৰীয় সভাপতি তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ দলেয়ে উদ্ধোধন কৰা    বিশেষ প্ৰতিনিধি সভাত জাতীয় সভা দুখনৰ নেতৃবৰ্গ ক্ৰমে  ইন্দিৰা চিন্তে কুম্বাং,  ইন্দ্ৰ কুমাৰ চুংক্ৰাং , ভৱজিত দলে , পবিত্ৰ  পেগু , বগীৰাম কুটুম , পবিত্ৰ পেগু , বিউটি পেগু ,মিচিং বানে কেবাঙৰ উপ সভাপতি ৰঞ্জিত দলে ,মিচিং দৃৰবৃ কেবাঙৰ প্ৰাক্তন সম্পাদক ভদ্ৰ কুমাৰ দলে, সৰলা পেগু , জাতীয় সংগঠনৰ নেতা ক্ষীৰোদ  পেগু ,  যতীন পেগু ,  যোগেশ কুম্বাং , ৰাজীৱ দলে , সুৰেশ দলে ,  মাজুলীৰ ছাত্ৰ নেতা অৰুণ গাম , খনিন্দ্ৰ মেদক, দীপাঞ্জল দলে , ৰেণুমাই দলে  আদিয়ে অংশ গ্ৰহণ কৰে।  মিচিং দৃৰবৃ কেবাঙৰ প্ৰাক্তন সম্পাদক ভদ্ৰ কুমাৰ দলে আৰু পবিত্ৰ পেগু সভাপতিত্বত অনুষ্ঠিত সভাত   বানে কেবাংৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ৰঞ্জিত দলেয়ে  বক্তব্য ৰাখি ১৯২৪ চনৰ প্ৰতিষ্ঠাকালত গ্ৰহণ কৰা বানে কেবাংৰ  লক্ষ্য উদ্দেশ্য দাবী , ইতিহাস আৰু সাংগঠনিক পৰিকাঠামো সন্দৰ্ভত বিস্তৃত ব্যাখ্যা ডাঙি ধৰি সাম্প্ৰতিক সময়ৰ কেবাংৰ  দিক নিৰ্দেশনা আৰু কৰণীয়তা সন্দৰ্ভত তুলনাত্মক বক্তব্য আগবঢ়াই। দলেয়ে এটা জাতিৰ আধা অংশ মানুহ যদি পাক ঘৰতেই ব্যস্ত  হৈ থাকে  তেনে জাতিৰ উন্নতি  কোনোদিনেই সম্ভৱ নহয় বুলিও কয় । সভাত   মিচিং মিমাগ কেবাংৰ কেন্দ্রীয় সমিতিৰ বিষয়ববীয়া খনিন্দ্ৰ মেদকে  বানে কেবাংৰ ২০১৫ চনৰ গোগামুখ ঘোষনা পত্ৰৰ  মিছন ২০২৪ , বান গৰা খহনীয়া সমস্যা ,জীৱন জীৱিকা আৰু অৰ্থনৈতিক ভৱিষ্যত, শিক্ষা ,সামাজিক সংস্কাৰ , ধর্মীয় বিশ্বাস , ভাষা আদি  দফা সমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত জনগোষ্ঠীটোৰ   একাংশ নেতৃবৰ্গই পৰ্য্যাপ্ত  গুৰুত্ব নিদিয়া বুলি আক্ষেপ প্ৰকাশ কৰে। মেদকে মিচিং জনগোষ্ঠীটোৰ দিক দৰ্শক স্বৰূপ  “গোগামুখ ঘোষণা পত্ৰ”ৰ সফল  ৰূপায়নেৰে জাতিটোক উত্তৰণৰ দিশত আগুৱাই  নিবলৈ জাতিটোৰ ৬ খন জাতীয় সভা আৰু সংগঠনে পৃথকে পৃথকে প্ৰচেষ্টা নচলাই, একত্ৰিত আৰু সুসংঘবদ্ধ ভাবে পৰিকল্পিত প্ৰয়াস অব্যাহত ৰাখিলেহে স্বজাতিৰ উত্তৰণৰ পথ প্রশস্ত হব বুলি কয়। অন্যথাই ১২ লাখ জনসমষ্টিৰে পৰিপূৰ্ণ মিচিং জাতিটোৰ সৰ্বাংগীন উত্তৰণ আজীৱন অসম্ভৱ বুলি কৈ উদাত্ত বক্তব্য ৰাখে ।  সভাত  টি এম পি কেৰ প্ৰাক্তন কেন্দ্ৰীয় নেতা ইন্দ্ৰ কুমাৰ চুংক্ৰাং , ভৱজিত দলে , মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ইন্দিৰা চিন্তে কুম্বাং,  উত্তম পেগু আদিয়েও বক্তব্য ৰাখে। প্ৰতিনিধিত্ব মূলক সভাত ভৱজিত দলেক সভাপতি , তিলেশ্বৰ দলেক সম্পাদক হিচাবে লৈ দৃৰবৃ কেবাং আৰু মহিৰাম পেগুক সভাপতি , বীৰেন পেগুক সম্পাদক হিচাবে লৈ বানে কেবাংৰ ঢকুৱাখনা জিলা সমিতি দুখন সৰ্ব সন্মতি ক্ৰমে গঠন কৰা হয়। অনাগত ৩ বছৰৰ বাবে নিৰ্বাচিত এই জিলা সমিতি দুখন পৰৱৰ্তী সময়ত  ৪১জনীয়াকৈ গঠন কৰা হব বুলি জানিবলৈ দিছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

Leave A Reply

Your email address will not be published.