মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ক’ভিড সজাগতা সভাত পত্ৰিকা বিতৰণ

0 209

মিচিং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত ২১নং পুৱ ঢকুৱাখনা মাতমৰা পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য  তথা পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু উদ্যোগত  মিচিং জাতীয় সংগঠন  টি এম পি কে ,এম এম কে আৰু টি এম এম কেৰ পুৱ ঢকুৱাখনা, মাতমৰা আৰু পশ্চিম মাছখোৱা আঞ্চলিক সমিতিৰ সহযোগত  শুক্ৰবাৰে তিনিদিনীয়াকৈ চলিব লগা কভিড -১৯ সজাগতা কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ।  মাৰাত্মক অতিমাৰী কোৰোনা প্ৰতিৰোধত কোৰোনাৰ পৰীক্ষণ , টিকাকৰণ আৰু সচেতনতাৰ  প্ৰাসংগিকতা সম্পৰ্কে  পৰিষদীয় সমষ্টি  দুটাৰ জনসাধাৰণৰ মাজত সজাগতা আৰু সচেতনতা সৃষ্টিৰ উদ্দেশ্যেৰে  আমলক্ষী, চেকনি দাংধৰা , আউণীবাৰী,নামেশ্বৰ তিনি আলি ,মালয়েচিয়া তিনি আলি, মেৰিন তিনি আলি বাঘচুক প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণ, ১নং বাঁহপৰা ,পিঠিয়াল আদি গাওঁ সমূহত  সজাগতা সভা অনুস্থিত হয়।
   সজাগতা  সভা সমূহত  অতিমাৰী কভিড -১৯ ভাইৰাছক প্ৰতিহত কৰিবলৈ  গ্ৰহনীয় সাৱধানতা  যেনে সামাজিক দুৰত্ব , সঘনাই হাত ধোৱা , পৰিস্কাৰ পৰিচন্নতা , মাস্ক পৰিধান কৰা আদি বিভিন্ন দিশ অনুকীয়াই বক্তব্য প্ৰদান কৰে এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে । টি এম পি কেৰ কেন্দ্ৰীয় সদস্য ক্ষীৰোদ পেগু , দিপাঞ্জল দলে,  ঢকুৱাখনা জিলা সমিতিৰ সভাপতি বৃগেন দলে , এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সুৰেশ দলে ,মলেশ দলে অমৰজিৎ দলে ,ঢকুৱাখনা ব্লক সমিতিৰ কাৰ্যকৰী সভাপতি নৱ দলেৰ লগতে আঞ্চলিক আৰু জিলা সমিতিৰ বহু কেইজন নেতৃত্বয়ো অংশ লৈ জনসজাগতা সৃষ্টিৰ লক্ষ্যৰে আয়োজিত সভাসমূহত গ্ৰামাঞ্চলিয় ৰাইজৰ মাজত  স্বাস্থ্য সজাগতা মূলক প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা হয়। বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.