মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬ সমষ্টিত ক`ৰণা সজাগতা অভিযান

0 230

ভয়াবহ মহামাৰী ক’ভিড- ১৯ ৰ  কৰাল গ্ৰাসৰ পৰা জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিবলৈ মিচিং স্বায়ত্ব শাসিত পৰিষদীয় এলেকাত তিনিদিনীয়া গণসজাগতা আৰু প্ৰচাৰ অভিযান আৰম্ভ হৈছে। শুক্ৰবাৰৰ পৰা দেওবাৰ পৰ্যন্ত  তিনি দিনীয়া কাৰ্যসুচীৰে  স্বায়ত্ব শাসিত পৰিষদৰ ৩৬ টা পৰিষদীয় সমষ্টিত গণ সজাগতা  আৰু প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে।
পৰিষদৰ এলেকাধীন সমগ্ৰ গ্ৰামাঞ্চল, নগৰাঞ্চল সামৰি  আৰম্ভ হোৱা এই অভিযান কালত  প্ৰতি সমষ্টিত প্ৰতি দিনে ক`মেও ৩০ খন গাঁৱত প্ৰচাৰ অভিযান সম্পন্ন কৰি  সজাগতা মূলক পথ সভা অনুষ্ঠিত কৰিব বুলি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়াই “এন ই ফ`কাছক জানিবলৈ দিছে । সেই লক্ষ্যৰে শুক্ৰবাৰে পৰিষদৰ  গোগামুখস্থিত সচিবালয়ত এই তিনিদিনীয়া অভিযানৰ আনুষ্ঠানিক উদ্ধোধন কৰে মুখ্য কাৰ্যবাহী সদস্য চায়েঙিয়াই। সচিবালয়তে  ১৫ নং গোগামুখ, ১৬ নং নলবাৰী আৰু ১৭ নং মিংমাং পৰিষদীয় সমষ্টিৰ তিনিটা অভিযান গোটৰ ফ্লেগ্ অফ কৰি শুভাৰম্ভ কৰে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
পৰিষদৰ কাৰ্যবাহী সদস্য  প্ৰভাত বসূমতাৰী আৰু সাধাৰণ সদস্য  ৰাজু পেগু, পৰিষদৰ বিষয়া, কৰ্মচাৰী, সহযোগী সংগঠন টি.এম.পি.কে,,  এম এম কে , টি.এম. এম.কে ,  সদৌ বড়ো ছাত্ৰ সন্থা,  সদৌ গোৰ্খা ছাত্ৰ সন্থা, তাই আহোম ছাত্ৰ সন্থাৰ আঞ্চলিক নেতৃবৃন্দৰ লগতে সন্মিলিত গণশক্তি অসমৰ নেতৃবৃন্দয়ো অংশগ্ৰহণ কৰে এই আনুষ্ঠানিক শুভাৰম্ভ  কাৰ্যসূচীত।  পৰিষদৰ এই  সজাগতা আৰু প্ৰচাৰ অভিযানে পৰিষদৰ এলেকাৰ অন্তৰ্ভুক্ত ডেৰ সহস্ৰাধিক গাঁওক  সামৰি লোৱাৰ লক্ষ্য স্থিৰ কৰি অভিযান কালত মাস্ক,চেনিটাইজাৰ, প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিব বুলি অৱগত কৰে।
বাতৰি যুগুতালে ঢকুৱাখনা পৰা অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.