মিজোৰামৰ ৰাজ্যপালে সাহাৰ্য পুঁজিলৈ দৰমহাৰ ৩০শতাংশ আগবঢ়ালে

0 245

ক’ভিড ১৯ বিৰুদ্ধে যুঁজিবলৈ মিজোৰামৰ ৰাজ্যপাল পি এছ শ্ৰীধৰণ পিল্লায়ে দৰমহাৰ ৩০শতাংশ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়াইছে। জানিব পৰা মতে ৰাজ্যপালগৰাকীয়ে ৬মাহৰ বাবে দৰমহাৰ ৩০শতাংশ আগবঢ়াব।
 
 
 
উল্লেখযোগ্য যে ইতিমধ্যে ১লাখৰো অধিক টকা মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়াইছে। ক’ৰণা ভাইৰাছৰ সমগ্ৰ দেশতে লকডাউন অব্যাহত আছে। সকলো দেশৰে অৰ্থনৈতিক অৱস্থা মন্দ অৱস্থালৈ গতি কৰিছে। সেয়ে ৰাজ্যপালগৰাকীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ স্বাৰ্থত এনে ব্যৱস্থা গ্ৰহণ কৰিছে।

Leave A Reply

Your email address will not be published.