মিৰ্জাত কামৰূপ জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি পৰেশ চন্দ্ৰ কলিতাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

0 309

প্ৰাক্তন সাংবাদিক, লেখক, কবি, সমাজকৰ্মী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা কামৰূপ জিলা সাংবাদিক পৰিষদৰ প্ৰাক্তন সভাপতি পৰেশ চন্দ্ৰ কলিতাই যোৱা ১১ ছেপ্তেম্বৰত ইহলীলা সম্বৰণ কৰিছিল। সেই উদ্দেশ্যি আজি কামৰূপ জিলা সাংবাদিক সন্থাৰ উদ্যোগত মিৰ্জাস্থিত শ্বহীদ ভৱন প্ৰেক্ষাগৃহত কামৰূপ জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি প্ৰয়াত পৰেশ চন্দ্ৰ কলিতাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।
 
 
সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰি কামৰূপ জিলা সাংবাদিক সন্থা বিষয়ববীয়া তথা সদস্যসকলে প্ৰয়াত পৰেশ চন্দ্ৰ কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে। ইয়াৰ পিছতে কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি মধুসুধন মেধীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্থাৰ সম্পাদক তৰণী কলিতাই। সভাত কামৰূপৰ জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি তথা দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পৰেশ বৈশ্যই উপস্থিত থাকি প্ৰয়াত পৰেশ চন্দ্ৰ কলিতা এগৰাকী স্থিতপ্ৰজ্ঞ ব্যক্তি বুলি অভিহিত কৰি তেওঁৰ আদৰ্শই কামৰূপ জিলা সাংবাদিক সন্থাক অনাগত সময়ত নতুন গতি দিব বুলি মন্তব্য কৰে।
 
 
সভাত কামৰূপ জিলা সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি ৰজত বৈশ্যই অনুষ্ঠানত অংশ গ্ৰহণ কৰি মিৰ্জা অঞ্চলৰ জ্যেষ্ঠ সাংবাদিক প্ৰয়াত কলিতাই নিষ্ঠা আৰু সততাৰে সংবাদ পৰিবেশন কৰি দক্ষিণ কামৰূপৰ সৰ্বাংগীন উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল বুলি ভাষণত উল্লেখ কৰে। অনুষ্ঠানত সাংবাদিক সন্থাৰ উপদেষ্টা বলেন কলিতাই প্ৰয়াত কলিতাৰ সততাৰ বাবে ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা কামৰূপ জিলা সাংবাদিক সন্থাৰ লগতে পলাশবাৰী সাহিত্য সভা আৰু মিৰ্জা উন্নয়ন সমিতিৰ দীৰ্ঘদিন ধৰি সভাপতিৰ আসন অলংকৃত কৰিছিল বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। অনুষ্ঠানত কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা নিৰোদ কুমাৰ দাসে প্ৰয়াত পৰেশ চন্দ্ৰ কলিতাৰ জীৱন আদৰ্শ আলোকপাত কৰি কয় যে, জাতীয় চিন্তা চেতনাৰে উদ্বুদ্ধ জ্যেষ্ঠ সাংবাদিক গৰাকী দক্ষিণ কামৰূপৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ অন্যতম কাণ্ডাৰী আছিল।
 
 
অসম আন্দোলনত সহযোগ কৰা প্ৰয়াত কলিতাই আজীৱন আঞ্চলিকতাবাদী চিন্তাৰে সমাজৰ উন্নয়নত আত্মনিয়োগ কৰাৰ লগতে স্মৃতি যুগমীয়া কৰাৰ বাবে এটি স্থায়ী প্ৰকল্প গ্ৰহণৰ আহ্বান জনাই ছাত্ৰ নেতাগৰাকীয়ে এই ক্ষেত্ৰত প্ৰয়োজনীয় সহায় সহযোগ কৰিব বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। সভাত কোচপাৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য সিদ্ধেশ্বৰ কুমাৰে কামৰূপ জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি প্ৰয়াত কলিতাৰ স্মৃতিচাৰণ কৰি দক্ষিণ কামৰূপৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানৰ অভিভাৱক স্বৰূপ পৰেশ কলিতাৰ সামাজিক মূল্যবোধ নতুন প্ৰজন্মৰ আদৰ্শ হ’ব বুলি মন্তব্য কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কামৰূপ জিলা সাংবাদিক সন্থাৰ উপ:সভাপতি পিয়াৰ আলী, সহ:সম্পাদক হীতেশ চন্দ্ৰ কলিতা, সদস্য নৰকান্ত ডেকা, প্ৰৱীন দাস, ৰত্ন কুমাৰ আদিৰ উপৰিও ছয়গাঁও প্ৰেছ ক্লাৱৰ সভাপতি ধীৰাজ কুমাৰ দাস, সমাজকৰ্মী ৰাম কুমাৰ দাস, কোচপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী স্বপ্না দাস আদি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.