মিৰ্জাত ধপাঁত সেৱনৰ ভয়াবহতা আৰু কেঞ্চাৰ সন্দৰ্ভত কৰ্মশালা

0 270

ধপাঁত আৰু ধপাঁত দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন দ্ৰৱ্য সেৱনৰ ফলত মানৱ দেহত বিভিন্ন ৰোগৰ সৃষ্টি হৈ ক্ষতি কৰে । ভাৰত বৰ্ষত হোৱা কৰ্কট ৰোগৰ ৪০শতাংশই ধপাঁত ব্যৱহাৰৰ ফলত হয় ।আমাৰ দেশত প্ৰতি বছৰে ১৩ লাখ লোক ধপাঁত সেৱনৰ ফলত মৃত্যু মুখত পৰে।আনহাতে অসমত ধপাঁত সেৱনৰ ফলত প্ৰতি বছৰে অকাল মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যা হল ৩৪ হাজাৰ।
কামৰূপ জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া ডাঃ অমিয়া কুমাৰ দাসে আজি কামৰূপ জিলাৰ মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয় প্ৰেক্ষাগৃহত সাংবাদিকৰ বাবে আয়োজিত ধপাঁতৰ ভয়াবহতা আৰু কৰ্কট ৰোগ শীৰ্ষক কামৰূপ জিলাৰ সাংবাদিকসকলৰ বাবে আয়োজিত এক কৰ্মশালাত ধপাঁত সেৱনৰ ভয়াবহতা সম্পৰ্কত বাখ্যা কৰি এই তথ্য সদৰি কৰে। কামৰূপ জিলা ধপাঁত নিয়ন্ত্ৰণ কোষ,কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছন আৰু সাংবাদিক পৰিষদ অসমৰ কামৰূপ জিলা সমিতিৰ যুটীয়া উদ্যোগত আৰু কামৰূপ জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত আয়োজিত আজিৰ এই অনুষ্ঠানত সাংবাদিকসকলৰ মাজত পাৱাৰ পইন্টৰ সহায়ত ধঁপাত জাতীয় দ্ৰব্য সেৱনৰ ফলত হব পৰা বিভিন্ন ৰোগ যেনে – হৃদপেশী সম্পৰ্কীয় ৰোগ, কৰ্কট ৰোগ, শ্বাস প্ৰশ্বাস জনীত ৰোগ আৰু মধুমেহৰ দৰে হ’ব পৰা ভয়াবহ ৰোগৰ বিষয়ে বিশদ ভাবে বাখ্যা কৰি নডেল বিষয়া ডাঃ অমিয় কুমাৰ দাসে সম্প্ৰতি ধোঁৱা বিহীন ধঁপাত জাতীয় দ্ৰব্য সেৱনৰ প্ৰতি যুৱ সমাজ ভয়াবহ ভাবে আকৃষ্ট হোৱা বুলি উল্লেখ কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে ইয়াৰ প্ৰতিৰোধত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ দ্বায়িত্ব আছে বুলি মত প্ৰকাশ কৰে।
তেওঁ কয় যে যোৱা সমাজৰ মাজত বৃদ্ধি পোৱা ধপাঁত যেনে চাদা, গুটখা , ধপাঁত যুক্ত পান মচলা , খৈনী জৰদা আদি ধোৱা বিহীন ধপাঁত মুখ গহ্বৰত সৃষ্টি হোৱা কৰ্কট ৰোগৰ মূল কাৰক । ধঁপাতত চাৰি হাজাৰৰো অধিক ৰাসায়নিক পদাৰ্থ থাকে বুলি উল্লেখ কৰি ধপাঁত ব্যৱহাৰৰ ফলত কৰ্কট ৰোগৰ উপৰিও হাওঁফাওঁৰ কাৰ্য ক্ষমতা হ্ৰাস , হাপানী ৰোগ , যক্ষ্মা , উচ্চ ৰক্ত চাপ , ষ্ট্ৰোক আদি অনেক ৰোগৰ সৃষ্টি হয় বুলি প্ৰকাশ কৰে । কৰ্মশালাত উপস্থিত থাকি অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ কাৰ্য্যবাহী বিষয়াৰমেন বৰ্মনে ধঁপাত জাতীয় দ্ৰব্য সেৱনৰ অপকাৰিতা বিৰুদ্ধে ফাউণ্ডেছনে চৰকাৰৰ বিভিন্ন সংস্থাৰ সহযোগত অসমৰ বিভিন্ন অঞ্চলত সজাগতা সভা অনুষ্ঠিত কৰি অহাৰ কথা অৱগত কৰে।
আজিৰ এই কাৰ্য্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কামৰূপ জিলাৰ উপযুক্ত কৈলাশ কাৰ্তিক এনে জিলা খনত কামৰূপ জিলা ধপাঁত নিয়ন্ত্ৰণ সমিতি আৰু অসম কেঞ্চাৰ কেয়ার ফাউণ্ডেছনে ধপাঁত নিয়ন্ত্ৰণ আৰু ইয়াৰ ভায়াবহতা সম্পৰ্কে জনসজগত মূলক কাৰ্য্যসূচী হাতত লৈ অহাত সন্তোষ প্ৰকাশ কৰাৰ লগতে আজিৰ কাৰ্য্যসূচীত কামৰূপ জিলা সাংবাদিক পৰিষদে কৰা পূৰ্ণ সহযোগিতাৰ শলাগ লয় ।কাৰ্যসূচীৰ আৰম্ভনিতে কামৰূপ জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া প্ৰণৱ কুমাৰ দাসে কৰ্মশালাখনৰ উদ্দেশ্য বাখ্যা কৰে।
কামৰূপ জিলা সাংবাদিক পৰিষদৰ সম্পাদক পৱিত্ৰ কুমাৰ দাসে আঁত ধৰা কৰ্মশালা খনত আজিৰ অনুষ্ঠানত উপস্থিত থকা কামৰূপ জিলাৰ উপযুক্ত কৈলাশ কাৰ্তিক এন , কামৰূপ জিলা ধপাঁত নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া ডা : আমিয়’ কুমাৰ দাস , কামৰূপৰ তথ্য আৰু জনসংযোগ বিষয়াণব কুমাৰ দাসক সম্বৰ্ধনা জনায়।

Leave A Reply

Your email address will not be published.