মিৰ্জাস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত বিদ্যাৰতি সমিতি এচ চি চিৰ শিক্ষক প্ৰশিক্ষণ শিৱিৰ

0 338

দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত যোৱা ২৪ ৰপৰা ২৯ আগষ্টলৈ বিদ্যাৰোহী সমিতি এচ চি চিৰ ৰাজ্যিক সমিতিৰ উদ্যোগত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান কামৰূপৰ সহযোগত শিক্ষক প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হয়। এই উপলক্ষে ২৮ আগষ্টত অনুষ্ঠিত হোৱা সভাৰ সভাৰ উদেশ্য ব্যাখ্যা কৰে বিদ্যাৰোহী সমিতি এচ চি চ ৰ ৰাজ্যিক সমিতিৰ সভাপতি ছাব্বিৰ হুচেইনে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে সাংবাদিক তথা বাৰ্তালাপৰ স্বত্বাধিকাৰী চক্ৰপানী পৰাশৰ উপস্থিত থাকি এছ চি চি অনুষ্ঠানটোৰ নিয়মানুৱৰ্তিতা, লক্ষ্য আৰু উদ্দেশ্য আদি দিশত ভাষণ প্ৰসঙ্গত উল্লেখ কৰি অনুষ্ঠানটোৰ উজ্বল ভৱিষ্যত কামনা কৰে। অনুষ্ঠানত এছ চি চি মুখ্য উপদেষ্টা মইনুল হক চৌধুৰী, ৰাজ্যিক সম্পাদক সঞ্জয় শৰ্মা, ৰাজ্যিক প্ৰচাৰ সম্পাদক দিলীপ কলিতা, ৰাজ্যিক উপদেষ্টা মতিউৰ ৰহমানৰ লগতে বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকি এছ চি চিৰ সংগঠনটোৰ জৰিয়তে অসমৰ নিবনুৱা যুৱক যুৱতী সকলক সংস্থাপিত কৰাৰ যি মহান লক্ষ্য আৰু উদ্দেশ্য ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। অনুষ্ঠানটোৰ মাজে মাজে গীত আৰু নৃত্য পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। শিক্ষক প্ৰশিক্ষণ শিৱিৰত বিভিন্ন জিলাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশ গ্ৰহণ কৰে। উল্লেখ্য যে, উক্ত শিৱিৰত দুদিনপূৰ্বে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই উপস্থিত হৈ সংগঠনটোৰ মহান লক্ষ্য আৰু উদ্দেশ্যৰ বাবে জানিব পাৰি সংগঠনটোক ধন্যবাদ জনোৱাৰ লগতে উন্নতিৰ হকে বিভিন্ন বিষয়ে দিহা পৰামৰ্শ দিয়ে। লগতে বিদ্যাৰোহী সমিতি এচ চি চিৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰীক অৱগত কৰিব বুলি আশ্বাস প্ৰদান কৰে।
বাতৰি যুগুতালে ছয়গাঁৱৰ পৰা জিতুমনি দাসে।

Leave A Reply

Your email address will not be published.