মুকলি আকাশৰ তলত অপহৃত কুইপৰ বিষয়া

0 217

মুকলি আকাশৰ তলত অপহৃত কুইপ’ৰ বিষয়া।৩ মাহ ১৪ দিনৰ পিছত আলফা(স্বা:)য়ে মুকলি কৰি দিলে শিৱসাগৰৰ প্ৰণৱ গগৈক।
আলফাৰ কৱলত ৩ মাহ ১৪ দিন থকা কুইপ’ৰ অপহৃত বিষয়া প্ৰণৱ গগৈক অৰুণাচলৰ লুম্বি বস্তিত মুকলি কৰিলে আলফাই। আজি শনিবাৰে ১২.২০ বজাত নামপুঙত মুকলি কৰা হয় অভিযন্তা জনক। বিগত বৰ্ষৰ ২০ ডিচেম্বৰৰ পৰা অপহৃত হৈ আছিল অইলৰ দুই বিষয়া ক্ৰমে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ।
ইতিমধ্যে, শুকুৰবাৰে নিশা বিহাৰৰ পৰা অসমলৈ ৰাওনা হৈছে ৰাম কুমাৰৰ পৰিয়ালবৰ্গ।উল্লেখ্য যে অপহৃত দুই বিষয়াৰ উদ্ধাৰৰ বাবে বিহাৰৰ সাংসদ চিৰাগ পাছৱানে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুলৈও পত্ৰ প্ৰেৰণ কৰিছিল লগতে, অপহৃত কুইপ’ৰ দুই বিষয়াক মানৱতাৰ খাতিৰত মুকলি কৰি দিবলৈও আলফাক আহ্বান জনাইছিল প্ৰণৱ কুমাৰ গগৈৰ পিতৃ-মাতৃয়ে। ইফালে, আলফা(স্বাঃ)-কুইপ’ৰ এই আলোচনাৰ মধ্যস্থতাকাৰীৰ ভূমিকাত আছিল কৌশিক ফুকন।
তথ্য অনুসৰি ম্যানমাৰৰ থাউথ্ৰী শিৱিৰত বন্দী কৰি ৰখা হৈছিল কুইপ’ৰ ২ অপহৃত বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক । ১৯ ফেব্ৰুৱাৰীত কুইপ’ৰ দুই অপহৃত বিষয়াক লৈ আলফা স্বাধীনে এক ই-মেইল বাৰ্তা প্ৰেৰণ কৰিছিল । বাৰ্তাটোত ১৬ৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ আলফাৰ সৈতে চলা কুইপ’ৰ আলোচনা ব্যৰ্থ হোৱাৰ বাবে অপহৃত দুই বিষয়াৰ ওপৰত চূড়ান্ত ব্যৱস্থা লোৱাৰ সকীয়নি দিছিল আলফাই ।
বাতৰি লিখাৰ পৰলৈকে বিহাৰৰ ৰাম কুমাৰক মুকলি কৰি নিদিয়াত চিন্তিত হৈ পৰিছে পৰিয়াল বৰ্গ তথা অসমবাসী।
খবৰ যুগুতালে ডিগবৈৰ পৰা হীৰা ফুকনে

Leave A Reply

Your email address will not be published.