মুক্তিযুদ্ধা সোণপাহী দাসলৈ শ্বহীদ কনকলতা বঁটা

0 376

ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ বীৰাংগনা কনকলতা বৰুৱাৰ মহান ত্যাগ ,আদৰ্শ আৰু স্বদেশ প্ৰীতিক সশ্ৰদ্ধ স্মৰণেৰে  ভৱিষ্যত প্ৰজন্মৰ মাজত এইগৰাকী মহীয়সী নাৰীৰ  মাৰ্গদৰ্শনৰ প্ৰাসংগিকতা অনুধাৱন কৰি সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে চৰম আত্মত্যাগৰ প্ৰতীক কনকলতা বৰুৱাৰ পবিত্ৰ মৃত্যু  দিনটো (২০ ছেপ্টেম্বৰ ) জাতীয় চেতনা দিৱস হিচাপে পালন কৰি আহিছে।  দেশ মাতৃৰ  সুৰক্ষাৰ বাবে  নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰা জাতিয় শ্বহীদ বীৰাংগনা কনকলতা বৰুৱাৰ  সোণালী স্মৃতি চিৰ যুগমীয়া কৰাৰ মানসেৰে লেখিকা সমাৰোহ সমিতিয়ে ২০ছেপ্টেম্বৰ দিনটোৰ জাতীয় চেতনা দিৱসৰ উপলক্ষত ৰাজ্যখনৰ এগৰাকী  সংগ্ৰামী মহিলা যুঁজাৰু তথা মুক্তিযুদ্ধাক ” শ্বহীদ কনকলতা বঁটা “প্ৰদান কৰি আহিছে । সেইমৰ্মে লেখিকা সমাৰোহ সমিতিয়ে চলিত ২০২১ বৰ্ষৰ এই বঁটাৰ বাবে নিৰ্বাচিত কৰিছে ঢকুৱাখনা নগৰৰ এগৰাকী সংগ্ৰামী আদৰ্শবান মহিলা , স্বাধীনতা যুঁজাৰু  তথা প্ৰবীণ মুক্তিযুদ্ধা সোণপাহী দাসক ।  সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা ডঃ থুনু কলিতাই জানিবলৈ দিয়া মতে আগত ৫ অক্টোবৰত ধুবুৰী জিলাত চাপৰত অনুষ্ঠিতব্য জাতীয় চেতনা দিৱসৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত  সংগ্ৰামী মহিলা দাসক  এই বঁটাৰে বিভূষিত কৰা হ`ব । ঢকুৱাখনা নগৰৰ ৩নং ৱাৰ্ডৰ অন্তৰ্গত হুজ গাঁও নিবাসী , প্ৰাক্তন মন্ত্ৰী লীলাকান্ত দাসৰ সহধৰ্মিনী , প্ৰবীণ মুক্তিযুদ্ধা  প্ৰায় ৯৮ বছৰীয়া  অশীতিপৰ দাসক ৰাজ্যিক পৰ্য্যায়ৰ এই সন্মানীয় বঁটাৰে বিভূষিত কৰাৰ বাবে গৃহভূমি ঢকুৱাখনাত উল্লাসৰ জোৱাৰ উঠিছে।  সমাৰোহ সমিতিৰ ঢকুৱাখনা শাখাৰ সম্পাদিকা ,সুলেখিকা ,কবি মৌচুমী গগৈ হাতী বৰুৱাই বিদুষী স্বাধীনতা সংগ্ৰামী গৰাকীলৈ আগবঢ়োৱা এই স্বীকৃতিৰ বাবে ৰাজ্যিক সমিতিক ধন্যবাদ জনাই বঁটা প্ৰাপক দাসক অভিনন্দন জনাইছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.