মুখ্যমন্ত্ৰীৰ আহ্বানত পিতৃ-মাতৃৰ সৈতে সময় কটালে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই

0 210

অসম মেঘালয় সীমান্তৰ পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ লংচাইত আজি স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই স্থানীয় জনসাধাৰণৰ লগত ঘৰুৱা ভাবেই দিনতো অতিবাহিত কৰিলে। সীমান্তবৰ্তী এলেকাটোৰ জনজাতীয় ৰাইজৰ লগত ঘৰুৱাভাৱে বিভিন্ন ধৰণৰ আলোচনা কৰাৰ উপৰি ৰাইজৰ লগত এসাঁজ খায়। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এনে কামত সীমান্তবৰ্তী ৰাইজে সন্তুষ্টি লাভ কৰাৰ উপৰি স্বাধীনতাৰ পূৰ্বতে কোনো বিধায়কে এনদৰে ৰাইজৰ লগত জড়িত হোৱা নাই বুলি কেবাগৰাকী স্থানীয় ৰাইজে মত প্ৰকাশ কৰে। ইফালে বিধায়ক কলিতাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান অনুসৰি চৰকাৰৰ দ্বাৰা ঘোষিত “পিতৃ-মাতৃ, শহুৰ-শাহুৰ লগত থকা” আঁচনিৰ প্ৰতি সন্মান জনাই তেৱোঁ পিতৃ-মাতৃ, শহুৰ-শাহুৰ নথকা বাবে সমষ্টিৰ লংচাইত থকা জ্যেষ্ঠ সকলৰ লগত দিনতো অতিবাহিত কৰা বুলি সদৰী কৰে। আনহাতে বিধায়ক কলিতাই সাংবাদিকৰে হোৱা বাৰ্তালাপত পশ্চিম গুৱাহাটী সমষ্টিৰ জ্যেষ্ঠ সকলক তেওঁৰ পিতৃ-মাতৃ, শহুৰ-শাহু জ্ঞান কৰি তেওঁলোকৰ লগত আলোচনা কৰি দিহা-পৰামৰ্শ লৈ থাকিব বুলিও সদৰী কৰে।

Leave A Reply

Your email address will not be published.