মুখ্যমন্ত্ৰীৰ উপস্থিতত অসম লোক সেৱা অধিকাৰ ৱেব-প’ৰ্টেল আনুষ্ঠানিক ভাৱে মুকলি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে

0 239

এদিনীয়া ভ্ৰমণসূচীলৈ অসমলৈ অহা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি ঘোষণা কৰে যে ব্ৰক্ষ্মপুত্ৰ ওপৰত ৩০৯৪ কোটি টকা ব্যয় সাপেক্ষে পলাশবাৰী আৰু শুৱালকুচি সংযোগী আন এখন দলং নিৰ্মাণৰ বাবে তেওঁৰ মন্ত্ৰালয়ে অনুমোদন জনাইছে।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত অসম লোকসেৱা অধিকাৰ ৱেব পৰ্টেল মুকলি কৰি এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে কয় যে ব্ৰক্ষ্মপুত্ৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ সংযোগী নতুন দংল নিৰ্মাণ হৈ উঠিলে জনসাধাৰণৰ বাৰুকৈয়ে উপকৃত হ’ব পাৰিব।তেওঁ লগতে কয় যে এই দলংখন নিৰ্মাণ হৈ উঠাৰ লগে লগে উত্তৰ পাৰৰ নলবাৰী, বৰপেটা, বাক্সা ইত্যাদি জিলা সমূহ জনসাধাৰণৰ গুৱাহাটীলৈ দূৰত্ব আৰু ভ্ৰমণ সময়তো হ্ৰাস পাব।বিত্ত মন্ত্ৰী গৰাকীয়ে কয় যে অসমত বিভিন্ন বহুপক্ষিক প্ৰকল্পৰ পৰিকল্পনা আৰু কাৰ্যকৰণৰ মানদণ্ডত তেওঁ বাৰুকৈয়ে প্ৰভাৱিত হৈছে।তেওঁ কয় যে যোৱা চাৰে চাৰি মাহত ৰূপায়িত হৈ থকা আন্তঃগাঁথনি প্ৰকল্প সমূহে ৰাজ্য খনৰ উন্নয়ন হাৰ ত্বৰাম্বিত কৰিছে।কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত অগ্ৰাধিকাৰ প্ৰদান কৰিছে বুলি উল্লেখ কৰি কয় যে ২০২১-২০২২ বৰ্ষৰ বাজেটত আন্তঃগাঁথনি প্ৰকল্প বাবে ৩৪ শতাংশ পুঁজি আবন্টন কৰা হৈছে।অসমে যিদৰে বিভিন্ন বহি:সাহাৰ্য্য প্ৰাপ্ত প্ৰকল্পৰ পৰিকল্পনা আৰু কাৰ্যকৰণৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে ইয়ো ৰাজ্য খনক নিশ্চিতভাৱে দেশৰ অন্যান্য উন্নয় ৰাজ্য সমূহৰ সৈতে সমানে আগুৱাই যাবলৈ সক্ষম হ’ব।ক’ভিডৰ পিছত জনসাধাৰণ আৰু অৰ্থনৈতিক ব্যৱস্থাটোৰ উত্তৰণ সাধন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে যিবোৰ পুনৰুজ্জীৱিত পেকেজৰ পৰিকল্পনা কৰিছে সেই সমূহে বহনক্ষম আৰু দীৰ্ঘম্যাদী প্ৰভাৱ পেলায়।বিকাশৰ প্ৰক্ৰিয়াটো অব্যাহত ৰখাব বাবে উন্নয়ন মূলক পদক্ষেপ সমূহ কিদৰে পৰিকল্পনা কৰা উচিত সেৱা অসমে প্ৰতীয়মান কৰিছে।অসম লোক সেৱা অধিকাৰ ৱেব-পৰ্টেল মুকলি কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে এই সেৱাই জনসাধাৰণৰক সুযোগ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ উন্নয়নৰ মূল বিষয়টোৰ ওচৰলৈ অনাত সহায় কৰিব।কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকীও ৰাজ্যিক কেবিনেট মন্ত্ৰীৰ উপস্থিতত বহি:সাহাৰ্য্যপ্ৰাপ্ত প্ৰকল্পৰ ওপৰত আয়োজিত এখন প্ৰদৰ্শনীও উদ্বোধন কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ দিনটো এক উল্লেখযোগ্য দিন হিচাপে পৰিগণিত হৈছে।অসম লোকসেৱা অধিকাৰ ৱেব-পৰ্টেল মুকলি জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নূন্যতম চৰকাৰ অধিকতম প্ৰশাসন লক্ষ্যক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে অধিসূচীত ৰাজহুৱা সেৱাৰ ৱেব-পৰ্টেল www.rtps.assam.gov.inৰ জৰিয়তে আমাৰ শাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ দিশত বৃহৎ বৰঙণি যোগাব ।এই ৱেব-পৰ্টেল বৈদ্যুতিন মাধ্যমৰে জনসাধাৰণৰক প্ৰধান কৰিব অধিসূচীত ৰাজহুৱা সেৱা।তেওঁ লগতে কয় এই সেৱাই ৰাজহুৱা সেৱাক অধিক শক্তিশালী কৰি তোলাৰ লগতে সকলোকে উন্নয়নৰ কাৰ্যসূচীত সামৰি ল’ব পাৰিব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ২০১২ চনতে লোকসেৱা অধিকাৰ আইন শুভাৰম্ভ কৰা হৈছিল যদিও কেতবোৰ বাধাৰ বাবে এই সেৱাৰ দ্বাৰা জনসাধাৰণক সম্পূৰ্ন ৰূপে সেৱা আগবঢ়াব পৰা হোৱা নাছিল।এই সেৱা অধিক দ্ৰুত আৰু জনমুখী কৰাৰ বাবে চৰকাৰে তথ্য প্ৰযুক্তিৰ মাধ্যমেৰে আগবাঢ়ি যোৱাৰ বাবে সিদ্ধান্ত লৈছিল।দ্ৰুত পৰিবৰ্তনশীল বিশ্বৰ সৈতে সংগতি ৰাখি শাসন ব্যৱস্থা তোক অধিক দ্ৰুত কাৰ্যকৰী আৰু স্থিতিস্থাপক সংস্কাৰ অনা বাবে ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি কথাৰো দোহাৰে।এই ৱেব পৰ্টেল টোৱে জনসাধাৰণক অধিসূচীত ৰাজহুৱা সেৱা প্ৰদানৰ দিশত কাৰ্যকৰী হিচাপে প্ৰমাণিত হ’ব বুলি কয়।লগতে কয় যে এই সেৱাই জনসাধাৰণৰক ঘৰ অথবা ৰাজহুৱা সুবিধা কেন্দ্ৰৰ পৰা অতি সহজে ৰাজহুৱা সেৱা লাভ কৰা ক্ষমতা প্ৰদান কৰিব আৰু ইয়াৰ জৰিয়তে চৰকাৰী সুবিধা লাভ কৰা লগতে সময়ো লাঘৱ হ’ব।প্ৰশাসনিক সংস্কাৰ,প্ৰশিক্ষণ পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ দ্বাৰা আয়োজিত এই ৱেব-পৰ্টেল শুভাৰম্ভনি অনুষ্ঠানত ৰাজ্য বিত্ত মন্ত্ৰী অজন্তা নেওগ,কৃষি মন্ত্ৰী অতুল বৰা লগতে গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.