মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিৰ” অধীনত ক’ভিড মহামাৰীত আক্ৰান্ত হৈ স্বামীক হেৰুওৱা মহিলাক চেক বিতৰণ

0 260

আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁওৰ সংস্কৃতিক প্ৰকল্পত “মুখ্যমন্ত্ৰীৰ ক’ভিড -১৯ বিধৱা সাহায্য আঁচনিৰ” অধীনত জিলাখনত ক’ভিড-১৯ ত আক্রান্ত হৈ নিজ স্বামীক হেৰুওৱা ৩১ গৰাকী বিধৱা মহিলাক এককালীন বিত্তীয় সাহায্য হিচাপে প্ৰতিগৰাকীকে ২.৫ লাখ টকাৰ চেক প্ৰদান কৰা হয়।
আজি এই অনুষ্ঠানত উক্ত বিধৱা মহিলা সকলক চেক সমূহ বিতৰণ কৰে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। উক্ত অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় যে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে এই ক’ভিড-১৯ৰ যুঁজখনত বহুখিনি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে যদিও স্বামীক হেৰুওৱা দুখৰ ক্ষতিপূৰণ দিব নোৱাৰি কিন্তু এই বিত্তীয় সাহাৰ্য‌ই মহিলাসকলক পুনৰ সংস্থাপন গ্ৰহণ কৰাত সহায় কৰিব। লগতে মন্ত্ৰী গৰাকীয়ে ক’ভিড আক্ৰান্ত হৈ নিজ পিতৃ-মাতৃ হেৰুৱা শিশু সকলৰ বাবে ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা “শিশু সেৱা আঁচনি”ৰ কথা ভাষণত উল্লেখ কৰি কয় যে, এই আঁচনিৰ জৰিয়তে এই পিতৃ-মাতৃ হীনা শিশু সকলক আৰ্থিক সাহায্য প্ৰদান কৰা হয়।
মন্ত্ৰী গৰাকীয়ে লগতে একে সময়তে জিলাখনত ভয়াবহ ৰূপ লোৱা ক’ভিড-১৯ মহামাৰীক ক্ষিপ্ৰতাৰে নিয়ন্ত্ৰণাধীন কৰাত সফল হোৱাৰ বাবে জিলা প্ৰশাসনক প্ৰশংসা কৰে।
আজিৰ এই সভাত আদৰণি ভাষণ আগবঢ়াই জিলা উপায়ুক্ত কবিতা পদ্মনাভনে। আজিৰ এই সভাত উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীকে প্ৰমুখ্য কৰি প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন শীৰ্ষ বিষয়া আৰু বিশিষ্ট অতিথি সকল।

Leave A Reply

Your email address will not be published.