মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰে আগবঢ়ালে পঞ্চাশ হাজাৰ টকা

0 231

কালৰূপী ক’ৰণাক ৰুধিবলৈ চৰকাৰলৈ সহায়ৰ হাত আগবঢ়াইছে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰে।এই জটিল ক্ষণত ক’ভিড আক্ৰান্ত সকলক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰৰ আংশিক সহায় হোৱাকৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ আগবঢ়ালে পঞ্চাশ হাজাৰ এটকা।লগতে জৰুৰীকালীন সেৱাত নিয়োজিত হৈ থকা প্ৰতিজন লোকলৈ , ক’ভিড আক্ৰান্ত সকললৈ নামঘৰৰ অক্ষয় বন্তিৰ তযৰফৰ পৰা আৰ্শীবাদ প্ৰদান কৰে।ইপিনে বৰেণ্য সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষীনন্দন বৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ঢেকীয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষই।২০১৪ চনত ঢেকীয়াখোৱা বৰনামঘৰে প্ৰৱৰ্তন কৰা শ্ৰীশ্ৰী মাধৱদেৱ বঁটা আগবঢ়াইছিল প্ৰয়াত সাহিত্যিক গৰাকীলৈ। তেখেতৰ বিয়োগত আজি নামঘৰ পৰিচালনা সমিতিয়ে নামঘৰ প্ৰাংগণত শোকসভা পাতি পৰিয়ালবৰ্গলৈ এটি শোকপ্ৰস্তাৱ প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.