মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰিবহন মন্ত্রী আৰু পৰিবহন আয়ুক্তৰ তৎপৰতাত নগাঁৱত মৃত্যু হোৱা কেৰেলাৰ বাছ চালকৰ মৃতদেহ বিমানেৰে নিজ গৃহলৈ প্ৰেৰণ

0 240

সুদূৰ কেৰেলাৰ পৰা দুমাহ পূৰ্বে নগাওঁলৈ শ্ৰমিক থবলৈ আহি ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আন্তঃ ৰাজ্যিক বন্ধৰ বাবে নগাঁওত আৱদ্ধ হৈ থাকি ১৬ জুনত এক দুৰ্ভাগ্যজনক পৰিস্থিতিত অকাল মৃত্যুক সাৱটি লোৱা কেৰেলাৰ ক’চিৰ অভিজিৎ এম এম নামৰ বাছ চালক জনৰ মৃতদেহটো ১৭ জুনৰ দিনা সন্ধিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰিবহন বিভাগে বিমানেৰে নিজ গৃহলৈ প্ৰেৰণ কৰে । জানিব পৰা মতে অকাল মৃত্যুক সাৱটি লোৱা চালক জনৰ মৃতদেহটো উপযুক্ত মৰ্য্যদা সহকাৰে যাতে বিমানেৰে প্ৰেৰণ কৰা হয় তাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ১৬ জুনৰ দিনা নিশাই ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী আৰু পৰিবহন আয়ুক্ত আদিল খানক নিৰ্দেশ দিয়ে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই পৰিবহন মন্ত্ৰী আৰু পৰিবহন আয়ুক্তই ততালিকে কেৰেলালৈ যোৱা বিমানৰ সন্ধান কৰে । অৱশেষত গুৱাহাটীৰ পৰা নতুন দিল্লী হৈ কেৰেলাৰ ক’চিলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ কাৰ্গ বিমান এখনত মৃতদেহ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সেই অনুসৰি কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াদ্বয় গৌতম দাস আৰু হিমাংশু দাসৰ তত্বাৱধানত মৃতদেহ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ অনা হয় । বৰঝাৰ বিমান বন্দৰত দুয়োগৰাকী জিলা পৰিবহন বিষয়াৰ উপৰি যান বাহন পৰিদৰ্শক জয় সিং ৰংফাৰ , প্ৰৱৰ্তক পৰিদৰ্শক নিতুল চেতীয়াকে ধৰি বিভাগৰ কেবাজনো কৰ্মীয়ে চালক অভিজিৎ এম এমৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰে । তাৰ পাছত উপযুক্ত মৰ্যাদা সহকাৰে মৃতদেহটো কেৰেলা চৰকাৰৰ সৈতে কৰা যোগাযোগ অনুসৰি মৃত চালক জনৰ সহযোগী মহম্মদ লটিফৰ দায়িত্বত বিমানত প্ৰেৰণ কৰা হয় । ইতিমধ্যে মৃতদেহটো চালক জনৰ ঘৰ পোৱা বুলি কেৰেলা চৰকাৰে অসম চৰকাৰক জনাইছে ।

Leave A Reply

Your email address will not be published.