মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত এক পৰ্যালোচনা বৈঠকত মিলিত

0 209

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত চুকাফা সভাকক্ষত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আৰক্ষী বিভাগৰ বিষয়া সকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হৈ দুয়োখন জিলাৰ আইন শৃংখলা পৰিস্থিতি বিস্তৃত ভাৱে বুজ লয়।থানা সমূহত বাহিৰা ব্যক্তিৰ দ্বাৰা এজাহাৰ লেখাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি প্ৰতিখন থানাকে দালাল মুক্ত কৰাৰ বাবে নিৰ্দেশ দিয়ে।বৈঠকত মুখ্যমন্ত্ৰীয়ে ২০২০ বৰ্ষৰ মাৰ্চ মাহৰ পূৰ্বৰ সকলো অমীমাংসিত গোচৰ আগন্তুক বৰ্ষৰ ৩১ মার্চ ৰ ভিতৰত মীমাংসা কৰাৰ বাবে যাৱতীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।পোষ্টমৰ্টেম ৰিপৰ্টসমূহ ৭২ ঘণ্টাৰ ভিতৰত দাখিল কৰাৰ নিশ্চিত পদক্ষেপ পোষকতা কৰি ইয়াৰ বাবে উপযুক্ত, আৰক্ষী অধীক্ষক আৰু স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ মাজত উপযুক্ত সমন্বয় ৰক্ষা কৰি কাম কৰাৰ নিৰ্দেশ দিয়ে।থানাত দাখিল হোৱা প্ৰতিখন এজাহাৰ বিপৰীতে উপযুক্ত ধাৰাৰ গোচৰ ৰুজু কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত জামিনবিহীন ধাৰা প্ৰয়োগৰ লগতে তিনি মাহত ভিতৰত চার্জশ্বীট দাখিল কৰাৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰতিমাহে এক ক্ৰাইম কনফাৰেন্স অনুষ্ঠিত কৰাৰ লগতে ড্ৰাগছৰ বিৰুদ্ধে চলাই থকা অভিযান আৰু অধিক তীব্রতৰ কৰাৰ বাবে নিৰ্দেশ দিয়ে।লগতে পুলিচ ভেৰিফিকেশ্যন ,পাৰ পত্ৰ ভেৰিফিকেশ্যন ইত্যাদি বিষয় সমূহ সময়মতে প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।লগতে দুখীয়া মানুহৰ যাতে কোনো ক্ষেত্ৰতে হাৰাশাস্তি নহয়,তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।
আজি এই পৰ্যালোচনা বৈঠকত শিক্ষা মন্ত্ৰী ৰনোজ পেগু,ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগান মহন,সাংসদ তপন কুমাৰ গগৈ,কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ থাওৰা সমষ্টি বিধায়ক সুশান্ত বৰগোঁহাই,আৰক্ষী উপ মহাপৰিদৰ্শক জিৎমল দলে,শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘনিধি দাহাল,আৰক্ষী অধীক্ষক ৰাকেশ বৌশন,চাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী লগতে দুয়োখন জিলাৰ আৰক্ষী থানা সমূহ ভাৰপ্ৰাপ্ত বিষয়া সকল উপস্থিত থাকে।
আনহাতে মুখ্যমন্ত্ৰীয়ে আজি শিৱসাগৰ ৰাজাবাৰীস্থিত স্বৰ্গদেউ চুকাফা মাল্টিস্পেচিয়েলিটি হাস্পতালত এটা অক্সিজেন পি এছ এ গ্লাণ্ট আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।লগতে হাস্পতাল খনৰ চুকাফা সঞ্জীৱনী নামৰ এক বিশেষ কাৰ্যসূচী শুভাৰম্ভ কৰে।উল্লেখ্য যে এই কাৰ্যসূচী অধীনত হাস্পতাল খনে সাধাৰণ জনতাৰ ক’ভিডৰ পিছত উদ্ভৱ হোৱা জটিল পৰিস্থিতি সৈতে মোকাবিলা কৰাত সহায়ক হোৱাকৈ ১০০ টা অক্সিজেন কনচেনটেটৰ মজুত কৰি ৰাখিব।হাস্পতাল খন পৰিদৰ্শন সময়ত মুখ্যমন্ত্ৰীয়ে হাস্পতাল খনৰ ক’ভিড ৱাৰ্ড পৰিদৰ্শন কৰি ইয়াৰ সা সুবিধা বুজ লয়।পৰিদৰ্শন সময়ত হাস্পতাল কৰ্তৃপক্ষই মাল্টিস্পেচিয়েলিটি হাস্পতাল খনত থকা বিভিন্ন সা সুবিধা বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা সম্বন্ধে অৱগত কৰে।হাস্পতাল পৰিদৰ্শন সময়ত শিক্ষা মন্ত্ৰী ৰনোজ পেগু,মন্ত্ৰী যোগেন মহন,সাংসদ তপন কুমাৰ গগৈ,কামাখ্যা প্ৰসাদ তাছা,বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ,সুশান্ত বৰগোঁহাই,কুশল দুৱৰী, নৱনীতা সন্দিকৈ, স্বৰ্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটি হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ প্ৰকাশ ক’লনুকাৰ প্ৰমুখ্যে গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।
আনহাতে শিৱসাগৰ পৰা গুৱাহাটীলৈ ওভতাৰ পথত যোৰহাট আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত জিলাখনৰ আইন শৃংখলাজনিত পৰিস্থিতি বুজ লয়।জিলাখনৰ স্পৰ্শকাতৰ এলেকাসমূহ নিয়মীয়া কৈ টহল দিয়াৰ পদক্ষেপ ল’বলৈ আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে।আজিৰ এই পৰ্যালোচনা বৈঠকত শিক্ষামন্ত্ৰী ড° ৰনোজ পেগু ,তপন কুমাৰ গগৈ, কামাখ্যা প্ৰসাদ তাছা,জিৎমল দলে,যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন,আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ লগতে জিলাখনৰ আৰক্ষী থানা সমূহৰ ভাৰপ্ৰাপ্ত বিষয়া সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.