মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ আৰ্থিক সাহাৰ্য্য আগবঢ়ালে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

0 276

ক’ৰণা ভাইৰাছৰ আতংক সৰ্বত্ৰে বিৰাজ কৰিছে।ক’ৰণা ভাইৰাছৰ বাবে সমগ্ৰ দেশতে লক ডাউন অব্যাহত আছে।অসমত ক’ৰণা ভাইৰাছৰ চিকিৎসালয় নিৰ্মাণৰ যো যা চলি থকাৰ সময়তে ৰাজ্যৰ বহু কেইগৰাকী ৰাজনৈতিক নেতা, শিল্পীয়ে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ সহায়ৰ হাত আগবঢ়াইছে।
 
 
 
এইবাৰ মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ আৰ্থিক সাহাৰ্য্য আগবঢ়াইছে মৰিয়ণীৰ বিধায়ক ৰূপ জ্যোতি কুৰ্মীয়ে।কুৰ্মীয়ে বিধায়ক পুঁজিৰ পৰা ৫০ লাখ টকা আগবঢ়াইছে ।স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখন পত্ৰ যোগে বিধায়ক পুঁজিৰ পৰা সাহাৰ্য্য পুঁজিলৈ এই ধনৰাশি আগবঢ়োৱা কথা সদৰী কৰে ।

Leave A Reply

Your email address will not be published.