মেক্সিক’ত চুক্তিত স্বাক্ষৰ কৰিলে যাদৱ পায়েঙে

0 248

অসমৰ সুসন্তান,অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে মেক্সিক’ৰ পৰিৱেশ সম্পৰ্কীয় কাম কাজত সহযোগিতা আগবঢ়াবলৈ এজটেকা ফাউণ্ডেশ্যনৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰিছে।যোৱা ৭ ডিচেম্বৰত পায়েঙে উত্তৰ আমেৰিকাৰ দেশ খনৰ সৈতে এই সহযোগিতাৰ চুক্তিৰ স্বাক্ষৰ কৰে।
সামাজিক দায়বদ্ধতাৰ লক্ষ্যৰ পৰিৱেশ সম্পৰ্কীয় কামত বিশেষকৈ মনোনিৱেশ কৰা মেক্সিক’ৰ এটা এজটেকা ফাউণ্ডেশ্যন এটা স্বেচ্ছাসেৱী সংস্থা।মেক্সিক’ৰ পুবেলা চহৰত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক মহোৎসৱ চিডিআইৰ সময়তে ছেলিনাছ গ্রুপৰ প্ৰাক্তন ছিনেটৰ ছেলিনাছ ছাদাৰ সৈতে চুক্তি স্বাক্ষৰিত হয়।চুক্তি স্বাক্ষৰ কৰাৰ সময়ত উপস্থিত থাকে চিডিআইৰ প্ৰতিষ্ঠাপক তথা সামাজিক পৰিৱৰ্তন সম্পৰ্কীয় ইউনেস্ক’ৰ গুডউইল এম্বেছাদৰ ড° এন্ড্ৰেছ ৰ’ৱেমাৰ আৰু প্ৰকৃতিবিদ ৰিতুৰাজ ফুকন।
জীৱনত প্ৰায় ৩০ বছৰ ধৰি গছপুলি ৰোপন কৰি ৫৫০ হেক্টৰ ভূমিত মোলাইবাৰী হাবি গঢ়ি তোলা যাদৱ পায়েঙেক অৰণ্য মানৱ হিচাপে পৰিচিত হৈ পৰিছে আৰু বহু কেইটা ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হোৱা লগতে ২০১৫ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰিছিল।

Leave A Reply

Your email address will not be published.