মেঘালয় সীমান্তৱৰ্তী ৰাণীত কৃষকক সমাজকর্মী বলেশ্বৰ ৰংপীৰ উচ্চক্ষমতা সম্পন্ন টৰ্চলাইট বিতৰণ

0 228

অসম মেঘালয় সীমান্তৰ বৃহত্তৰ ৰাণী অঞ্চলত কৃষক ৰাইজ শালি ধানৰ খেতি কৰাৰ বাবে সাজু হোৱাৰ সময়তে বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে থমকি ৰবলগীয়া হৈছে । আনকি ৰাইজ আৰু ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ সীমিত সংখ্যক বনকর্মীয়ে যৌথভাৱে হাতী খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে । তৎসতেও হাতীয়ে একাংশ লোকৰ কঠিয়াতলীত লণ্ডভণ্ড কৰিছে । আনহাতে কৃষক ৰাইজক বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা কিছু সকাহ দিয়াৰ লক্ষ্যৰে পশ্চিম গুৱাহাটীৰ বিশিষ্ট সমাজকর্মী আৰু দীপৰ বিলৰ গাতে লগা দেউচতালৰ বাসিন্দা বলেশ্বৰ ৰংপীয়ে আজি বৃহত্তৰ ৰাণী অঞ্চলৰ মেঘালয় সীমান্তবৰ্তী নালাপাৰা ,খপেগাও,পুখুৰীপাৰ, বিক্রমপুৰত ৩০ জন কৃষকক হাতী খেদা কাৰ্যত সহায়ক হোৱাকৈ উচ্চক্ষমতা সম্পন্ন টৰ্চলাইট বিতৰণ কৰে । বিতৰণ কাৰ্যসূচীত বিক্ৰমপুৰৰ বাসিন্দা আৰু প্ৰাগ নিউজৰ সাংবাদিক জোন ৰাভাকে ধৰি কেবাজনো লোকে সহযোগিতা আগবঢ়ায় ।

Leave A Reply

Your email address will not be published.