মে’ মাহৰ শেষৰ ফালে ৰাইজৰ সেৱাত উৎসৰ্গিত হ’ব নামৰূপৰ পাৱাৰ প্লেণ্ট-মুখ্যমন্ত্ৰী

0 257

ৰাজ্যৰ শক্তিখণ্ডক শক্তিশালীকৰণৰ ক্ষেত্ৰত আহিছে এক আশাব্যঞ্জক খবৰ । চলিত বৰ্ষৰ মে’ মাহৰ শেষৰ ফালে জনসাধাৰণৰ হকে উৎসৰ্গিত কৰা হ’ব ১০০মেগাৱাট শক্তিসম্পন্ন নামৰূপৰ ৰিপ্লেচমেণ্ট থাৰ্মেল পাৱাৰ প্লেণ্টৰ।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নামৰূপৰ এই প্ৰকল্পস্থলী পৰিদৰ্শন কৰে। এই সময়তে উক্ত কথাখিনি মুখ্যমন্ত্ৰীক অৱগত কৰে এপিজিচিএল কৰ্তৃপক্ষই। এই সেৱা আৰম্ভ হ’লেই নামৰূপ তাপবিদ্যুৎ প্ৰকল্পৰ উৎপাদন ক্ষমতা  ১২৭মেগাৱাটলৈ বৃদ্ধি হ’ব।
নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচনস্থিত সভাকক্ষত আজি অনুষ্ঠিত এই বৈঠকখনত সকলোধৰণৰ কথাৰ আলোচনাৰ লগতে ইয়াৰ অগ্ৰগতিৰ বুজ লৈ মে’ মাহৰ শেষত ৰাইজৰ সেৱাৰ হকে পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।
 
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় এটা দশকৰ পূৰ্বেই ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছিল যদিও ইয়াৰ কামবোৰ প্ৰথমাৱস্থাত লেহেমীয়া গতিত আৰম্ভ হৈছিল।ইয়াৰ সময় সীমা যাতে কোনো কাৰণতে ব্যাহত নহয় তাৰ বাবে ভাৰত হেভী ইলেকট্ৰিকেল লিমিটেডক ইয়াৰ বিষয়ে খবৰ লৈ তথ্য নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
 
ইয়াৰ কাৰ্য সমূহ লেহেমীয়া গতিত চলাৰ বাবে বিগত বৰ্ষৰ ২৬ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীয়ে প্ৰকল্প স্থলী পৰিদৰ্শন কৰাৰ সময়তো ভাৰত হেভী ইলেকট্ৰিকেল লিমিটেডক নিশ্চিত পদক্ষেপ লোৱাৰ নিৰ্দেশ দিছিল।
 
মুখ্যমন্ত্ৰীয়ে কয় যে ঔদ্যোগিক খণ্ডৰ কাম কাৰ্যক্ষম  কৰাৰ ক্ষেত্ৰত বিদ্যুতেই হৈছে মূল চালিকা শক্তি। ক’ৰণাই ব্যাহত কৰা ৰাজ্যৰ অৰ্থনীতিৰ ক্ষেত্ৰখনৰ ওপৰতো চৰকাৰে গুৰুত্ব প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্যক্ত কৰে।

Leave A Reply

Your email address will not be published.