মৌচুমী বৰিৰ মোৰ চেনেহী আই গীতৰ শুভমুক্তি

0 298

অসম তথা ভাৰতৰ স্বনামধন্য কুকিলকন্ঠী গায়িকা তৰালি শৰ্মাৰ সুৰ আৰু সংগীত পৰিচালনাৰে,মৌচুমী বৰিৰ গীতৰ কথাৰে অহা ১২ ডিচেম্বৰত এটি গীতে শুভমুক্তি লাভ কৰে৷ মৌচুমী বৰিৰ গীতৰ কথা আৰু প্ৰযোজনাৰে গীতটিত সুৰ তথা সংগীত পৰিচালনা কৰিছে অসমৰ স্বনামধন্য কন্ঠশিল্পী তৰালি শৰ্মাই৷গীতটোৰ প্ৰযোজনাৰ সৈতে সহযোগিতাত আছে মিন্টলাইম নামৰ জনপ্ৰিয় অনলাইন প্লেটফৰ্ম৷গীতিকাৰ মৌচুমী বৰিয়ে কয় যে মোৰ চেনেহী আই গীতটি তেখেতে নিজৰ মাতৃক লৈ লিখা আৰু গীতটি পৃথিৱীৰ সকলো মাতৃৰ নামতে উচৰ্গিত৷
শৈশৱতে মায়ে মোক নিয়ৰৰ পানী চকুত লগাই,গীত গাই চুমা দি শুৱাৰ পৰা উঠোৱা মনত পৰে৷নিচুকনী গীত গাই শুৱাবলৈ চেষ্টা কৰাও মনত পৰে৷এয়া কেৱল মোৰ মায়ে নকৰে,পৃথিৱীৰ প্ৰতিগৰাকী মাকেই নিজৰ সন্তানক এনেকৈয়ে শুৱাই আৰু টোপনিৰ পৰা জগায়৷ মৌচুমী বৰিয়ে পুনৰ কয় যে -অসমৰ এগৰাকী স্বনামধন্য কুকিলকন্ঠী গায়িকা তৰালি শৰ্মা৷তেখেতক গীতটিত সুৰ দিবলৈ আমাৰ ফালৰ পৰা অনুৰোধ কৰা হৈছিল৷তেখেতে আমাৰ হেঁপাহক সন্মান জনাই সন্মত হ’ল৷ মোৰ প্ৰিয় গায়িকা গৰাকীৰ কন্ঠত গীতটি শুনিবলৈ পোৱাটো আমাৰ পৰিয়ালৰ বাবে অতি সৌভাগ্যৰ কথা বুলি ভাবো৷গীতটিয়ে স্বৰ্গীয় অনুভূতিৰে প্ৰতিজন শ্ৰুোতাৰ অন্তৰ চুব মই নিশ্চিত৷
পেছাত অভিযন্তা মৌচুমী বৰিয়ে হৃদয়ৰ অনুভৱ অনুভূতিক গীতেৰে সজাই ভাল পায়৷ তেখেতে সৰুৰে পৰা গল্প,কবিতা,উপন্যাস আদিও লিখি আহিছে৷ ভৱিষ্যতেও পাঠকৰ বাবে ভাল গীত লিখিবলৈ চেষ্টা কৰি যোৱাৰ পৰিকল্পনা অব্যাহত ৰখাৰ কথা তেখেতে জনাইছে৷

Leave A Reply

Your email address will not be published.