মৰমলেণ্ড ৱেলফেয়াৰ চ’ছাইটিৰ তৰফৰ পৰা ক’ভিড সজাগতা-সাহাৰ্য্য-সহবাস অভিযানৰ অংশ হিচাপে মহানগৰীৰ ভিন্ন প্ৰান্তত অসহায় লোকৰ কাষত থিয় হোৱাৰ প্ৰয়াস কৰিছে। ক’ৰণাৰ দ্বিতীয় লহৰত ৰাজ্যখনৰ বহু মানুহৰ মৃত্যুৰ সংবাদে ভয় পূৰ্বতকৈ অধিক কৰি তুলিছে আৰু সকলো ঘৰতে আৱদ্ধ হৈ থাকিব লগা হৈছে। তেনে সময়তে ডেম’ক্ৰেচী লাইভ আৰু মৰমলেণ্ডৰ তৰফৰ পৰা অসহায় লোকক কিছু খাদ্য তুলি দি মানৱতাৰ এক নিদৰ্শন দাঙি ধৰিছে। লগতে যিসকল আৰক্ষী-চি আৰপিএফৰ জোৱানে নিজৰ জীৱনকো তুচ্ছ কৰি দিন ৰাতি ক’ভিডকালীন কৰ্তব্যত নিয়োজিত হৈ আছে, তেওঁলোকক কিছু মানসিক সাহস দিয়াৰ উদ্দেশ্যে মহানগৰীৰ হাতীগাঁও, নুনমাটি, নাৰেংগী, চান্দমাৰি, গুৱাহাটী ক্লাবকে ধৰি ভিন্ন প্ৰান্তত আৰক্ষী-চিআৰপিএফৰ জোৱানক চাহ-মিঠাইৰে আপ্যায়ন কৰাই মানসিক সমৰ্থন দিয়াৰ প্ৰয়াস কৰিছে ৱেলফেয়াৰটোৱে। ডেম’ক্ৰেচী লাইভৰ মুখ্য সম্পাদক তথা মৰমলেণ্ড ৱেলফেয়াৰ চ’ছাইটিৰ সঞ্চালক মৰম কুমাৰৰ নেতৃত্বৰ এই কাৰ্যসূচী সম্পাদন হৈছে।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ