মৰম আঁচনি যোগে বিতৰণ কৰিলে চুৱেটাৰ, মেট

0 272

শিৱসাগৰ জিলাৰ উপায়ুক্ত ডা: এম. এচ. লক্ষ্মী প্ৰিয়াই যোৱা ১৬ ফেব্ৰুৱাৰীত পুৱা স্থানীয় আৱৰ্ত ভৱনত জিলাখনৰ ভালে কেইখন আঙনৱাড়ী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়ৰ অভৱগ্ৰস্ত শিশুসকলৰ সহায় হোৱাকৈ মিছন ছৌলফুল শিৱসাগৰৰ অন্তৰ্গত ‘মৰম’ পদক্ষেপৰ জৰিয়তে মেট আৰু চুৱেটাৰ বিতৰণ কৰে।
 
উপায়ুক্ত গৰাকীয়ে সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ অন্তৰ্গত জিলাখনৰ গ্ৰাম্যাঞ্চলৰ ৮০ খন, নগৰ অঞ্চলৰ ৩০ খন, আমগুৰিৰ ৮০ খন, নাজিৰাৰ ১৮০ খন, ডিমৌৰ ১৬০ খন আৰু গৌৰীসাগৰৰ ৮০ খন আঙনৱাড়ী কেন্দ্ৰত শিশুসকলৰ বহাৰ সুবিধাৰ বাবে মুঠ ৬১০ খন মেট উপস্থিত চুপাৰভাইজাৰ সকলৰ হাতত প্ৰদান কৰে।
 
তদুপৰি, জিলাখনৰ চাৰিখন শিক্ষা খণ্ডৰ অধীনৰ প্ৰাথমিক বিদ্যালয় সমূহৰ অভাৱগ্রস্ত কণ-কণ ছাত্ৰ-ছাত্ৰীৰ বাবে উপস্থিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সকলৰ হাতত মুঠ ১৭২৭ টা চুৱেটাৰ প্ৰদান কৰে। ইয়াৰে আমগুৰিৰ অধীনত ৪৯৭ গৰাকী, খেলুৱাৰ অধীনত ৪২০ গৰাকী, নাজিৰাৰ অধীনত ৩০০ গৰাকী আৰু ডিমৌৰ অধীনত ৫১০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই সমূহ চুৱেটাৰ লাভ কৰিব।
 
জিলা উপায়ুক্ত গৰাকীৰ প্ৰচেষ্টা আৰু উদ্যোগত গ্ৰহণ কৰা ‘ছৌলফুল শিৱসাগৰ’ অভিযানৰ অন্যতম প্ৰয়াস “মৰম”ৰ অধীনত সংগ্রহ কৰা বিভিন্ন সামগ্ৰী সময়ে সময়ে জিলাখনৰ বিদ্যালয় সমূহৰ অভাৱগ্রস্ত ছাত্র-ছাত্ৰী আৰু আঙনৱাড়ী কেন্দ্ৰসমূহৰ শিশু সকলৰ মাজত বিতৰণ কৰি আহিছে।
 
উল্লেখযোগ্য যে, জিলা উপায়ুক্তই বিভিন্ন সময়ত দুখীয়া তথা অভাবী ছাত্ৰ-ছাত্ৰীসকলৰ নুন্যতম প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰম্ভ কৰা এই আন্তৰিক প্ৰয়াস “মৰম”ৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বহী, পেঞ্চিল, বিস্কুত, মোজা, চুৱেটাৰ মেট আদি বিতৰণ কৰি আহিছে। উপায়ুক্ত গৰাকীৰ এই প্ৰচেষ্টাৰ দ্বাৰা অভাৱগ্ৰস্ত শিশু সকল উপকৃত হৈছে। উপায়ুক্ত গৰাকীৰ এনেধৰণৰ
জনকল্যাণকামী প্ৰয়াসে ৰাইজৰ বিপুল সঁহাৰি আৰু শলাগ লাভ কৰিবলৈ সক্ষম হৈছে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে..

Leave A Reply

Your email address will not be published.