যশস্বী শিক্ষক প্ৰফুল্ল কেওঁটলৈ একেবৰ্ষতে ৰাজ্যিক আৰু জিলা কৃতি শিক্ষকৰ স্বীকৃতি

0 305

ঢেকীয়াজুলি ৰাজহ চক্ৰ অন্তৰ্গত নাৰেংকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক প্ৰফুল্ল কেওঁটয়ে ৰাজ্যিক পৰ্য্যায়ৰ আৰু জিলা ভিত্তিত কৃতি শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
 
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰাণী বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী কেওঁটে দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগত কৰ্মজীৱনৰ আৰম্ভণি কৰে৷পৰৱৰ্তী সময়ত ঢেকীয়াজুলিৰ নাৰেংকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৯৯৩ চনত প্ৰাণী বিজ্ঞান বিষয়ৰ শিক্ষক হিচাপে যোগদান কৰি  বৰ্তমানো কাৰ্যনিৰ্বাহ কৰি আছে৷
 
আনহাতে শিক্ষাদানৰ উপৰি কেওঁট বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে ৷ ১৯৯৩ চনৰ পৰা কেওঁটে বৰ্তমানলৈকে সদৌ অসম সাহিত্য সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক প্ৰধানৰ দায়িত্ব পালন কৰিছে৷ কেওঁটে শোণিতপুৰ জিলা উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সৈতে জড়িত হৈ মুখপত্ৰ আলচৰ ৩য় আৰু ৪ৰ্থ সংখ্যাৰ সম্পাদকৰ দায়িত্ব লৈ আলোচনীখন প্ৰকাশ কৰি উলিয়াইছিল৷
 
ইপিনে ২০০৪ চনৰ পৰা ২০০৭ চনলৈ অসম চৰকাৰৰ দ্বাৰা আয়োজিত জ্ঞান জ্যোতি আঁচনিত শোণিতপুৰ জিলা প্ৰশাসন আৰু বিদ্যালয় সমূহৰ পৰিদৰ্শকে অৰ্পণ কৰা দায়িত্ব কেওঁটে সুচাৰুৰূপে পালন কৰিছিল ৷ দিল্লী, হায়দৰাবাদ, গেংটক, টিমি টাৰ্ক’ ,গুৱাহাটীৰ কলাক্ষেত্ৰ আদিত  বিভিন্ন বিষয়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে ৷ সংস্কৃতি অনুৰাগী কেওঁট সৰুৰে পৰাই সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত আছিল ৷ ভাওনা, ৰাস আদিত সূত্ৰধাৰী নৃত্য, কৃষ্ণ নৃত্য প্ৰদৰ্শন আৰু প্ৰহ্লাদ, পৰশুৰাম আৰু অন্যান্য নাটকৰ মূল চৰিত্ৰত অভিনয় কৰিছিল ৷ এগৰাকী চিত্ৰশিল্পী হিচাবেও পৰিচিত কেওঁটে ইতিমধ্যে কেইবাখনো দৃষ্টিনন্দন চিত্ৰশিল্প অংকন কৰি কলানুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে৷২০১০ চনৰ পৰা সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ অধীনত কেওঁটে অবিভক্ত শোণিতপুৰ জিলাৰ ” জিলা সমন্বয়কৰ দায়িত্ব লৈ বৰ্তমানলৈকে নিষ্ঠাসহকাৰে পালন কৰি আহিছে ৷ বিগত সময়ছোৱাত শিক্ষক কেওঁটে জিলাখনৰ প্ৰায় ১২০০ ৰো অধিক শিক্ষক- শিক্ষয়িত্ৰীক জিলা পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰিছে৷
বহুধা বিভক্ত ব্যক্তিত্বৰ অধিকাৰী প্ৰফুল্ল কেওঁট এগৰাকী লেখকো ৷ তেওঁ গল্প, একাংকিকা নাটক, কবিতাকে ধৰি কুৰিৰো অধিক বিভিন্ন বিষয়ৰ প্ৰৱন্ধ লিখিছে আৰু বহু কাকত আলোচনী আদিত প্ৰকাশিত হৈছে ৷ কেওঁটৰ কবিতা পুথি অসমী আৰু আত্ম স্মৃতি কথা, নাৰেংকাটিৰ ডায়েৰী পুথি আকাৰে প্ৰকাশ পাইছে ৷ সিফালে ৰাজস্থানত ভাৰত বিকাশ পৰিষদে আয়োজন কৰা ” লুপ্তপ্ৰায় লোক সংস্কৃতিৰ পুনৰোদ্ধাৰ” বিষয়ৰ আলোচনা চক্ৰত প্ৰফুল্ল কেওঁটে অংশগ্ৰহণ কৰি সম্বৰ্ধিত হোৱাৰ লগতে স্মৃতি চিহ্ন লাভ কৰিছিল ৷ একেদৰে সমগ্ৰ শিক্ষাৰ অধীনত তেওঁ ৰাজস্থানতে জীৱন শৈলীৰ ওপৰত প্ৰশিক্ষণ গ্ৰহণৰ পাছত পৰৱৰ্তী সময়ত সমল ব্যক্তি হিচাপে অনলাইন যোগে প্ৰশিক্ষণ প্ৰদান কৰিছিল ৷ ডাইটৰ অধীনতো জিলাখনৰ বিভিন্ন খণ্ডত বিজ্ঞান শিক্ষকসকলক সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে ৷ এইগৰাকী যশস্বী শিক্ষক প্ৰফুল্ল কেওঁটক শোণিতপুৰ জিলা প্ৰশাসনে চলিত বৰ্ষৰ ৭১ সংখ্যক গণৰাজ্য দিৱসৰ অনুষ্ঠানত শ্ৰেষ্ঠ শিক্ষকৰ বঁটা প্ৰদান কৰিছিল ৷ এইবাৰৰ ৫ ছেপ্তেম্বৰৰ শিক্ষক দিৱস উপলক্ষে চৰকাৰ-প্ৰশাসনে ৰাজ্যিক পৰ্যায় আৰু জিলা ভিত্তিতো কেওঁটক কৃতি শিক্ষকৰ বঁটাৰে সন্মানিত কৰিবলৈ বাছনি কৰিছে ৷
লক্ষণীয় বিষয় যে এইগৰাকী শিক্ষকে বিগত সময়ত জিলা পৰ্যায়ৰ কৃতি শিক্ষকৰ বঁটা লাভ কৰাৰ পৰা বাৰম্বাৰ বঞ্চিত হৈ অহাত শিক্ষা সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যদিও এইবেলি সৌভাগ্যক্ৰমে দুয়োটা বঁটাৰ বাবে যোগ্যতা অৰ্জন কৰি সুনাম কঢ়িয়াই আনিছে৷
 
আনফালে বহু প্ৰত্যাশা আৰু অপেক্ষাৰ অন্তত শেহতীয়াকৈ একেলগে একেবৰ্ষতে তিনিটাকৈ কৃতি শিক্ষকৰ বঁটাৰে সন্মানিত কেওঁটক একাধিক ব্যক্তি অনুষ্ঠান আৰু সংগঠনে আন্তৰিক অভিনন্দন জনাইছে৷
খবৰ যুগুতালে ঢেকীয়াজুলিৰ পৰা সুজিৎ কটকীৰে।

Leave A Reply

Your email address will not be published.