যাদু সম্ৰাট বিক্ৰমে নিৰ্বাচনৰ ফলাফলৰ সম্পৰ্কত কি ক’লে

0 271

পৌৰাণিক কালৰে পৰা যাদুৰ বাবে অসমৰ এক বিশেষ নাম আছে।কিন্তু সময়ৰ তাগিদাত যাদুবিদ্যাৰ চৰ্চা প্ৰসাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে ।কিন্তু সুখৰ বিষয় যে আজিকালি বিহু মঞ্চৰ আয়োজকে যাদুক বিশেষ প্ৰাধান্য দিয়াৰ পৰিলক্ষিত হৈছে ।এই মন্তব্য যাদু সম্ৰাট বিক্ৰমৰ।আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত আয়োজিত এক ব্যতিক্ৰমী অনুষ্ঠানত বিক্ৰম কয় যে এইবাৰ ১৮০খন বিহু মঞ্চত যাদু প্ৰদৰ্শন হৈছে।লোকসভা নিৰ্বাচনৰ ফলাফলৰ সম্পৰ্কত ভৱিষ্যতবাণী কৰি এটা বাকচ বন্ধ কৰি ৰাখে।৭গৰাকী সাংবাদিকে বাকচটোৰ তলা বন্ধ কৰি ৰাখে।জানিব পৰা মতে এই বাকচটো ২৪মে’ত খুলিব।২৪মে’লৈকে বাকচটো গুৱাহাটী প্ৰেছ ক্লাবত ৰাখিব।বিক্ৰমে কয় যে কোনটো দলে কিমান খন আসন লাভ কৰিব, অসমৰ সৰ্বাধিক ভোটপ্ৰাপ্ত প্ৰাৰ্থীৰ নাম ইতিমধ্যে বাকচৰ ভিতৰত ৰখা হৈছে।সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিক্ৰমে কয় যে অপ্ৰত্যাশিতভাৱে এইবাৰ ৰাইজে নিৰ্বাচনৰ ফলাফল লাভ কৰিব ।আনহাতে এই অনুষ্ঠানটোৰ আঁত ধৰে নৱ ঠাকুৰীয়াই।স্মতব্য যে ২০১৬ বৰ্ষত বিক্ৰমে নিৰ্বাচনৰ সম্পৰ্কত কৰা ভৱিষ্যতবাণী এশ শতাংশ সঠিক হৈছিল ।

Leave A Reply

Your email address will not be published.