যুৱ প্ৰজন্মক লৈ গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ পদক্ষেপ

0 272

দেশৰ উন্নয়নত যুৱ শক্তিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে।যুৱ শক্তিৰ এনে গুৰুত্বৰ বিষয়ে উপলব্ধি কৰিয়েই বিশ্ব যুৱ দিৱস লগত সংগতি ৰাখি  কালি অনুষ্ঠিত হয় Tha role of youth as changemakers শীৰ্ষক এখন আলোচনা চক্ৰ। এই আলোচনাচক্ৰ খনত অংশগ্ৰহণ কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য , কামাখ্যা প্ৰসাদ তাছা, আব্দুল খালেক, প্ৰবিন্দ ডেকা, ডঃ নোমল মমিন আৰু অশোক সিংহালে। আলোচনাচক্ৰ খন পৰিচালনা কৰে বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰে।
 
 
 
আলোচনাচক্ৰ খনত অংশগ্ৰহণ কৰি অশোক সিংহলে কয় যে বিফলতাৰ পৰা সফলতা মন্ত্ৰ জিনাৰ শিক্ষা পোৱা যায়। আনহাতে ডঃ নোমল মমিনে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহৰ বিষয়ে অৱগত কৰে। ইউনিচেফ আৰু কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই আলোচনাচক্ৰ খনৰ পৰা যুৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী সকল উপকৃত হৈছে বুলি জানিব পৰা গৈছে ।আলোচনাচক্ৰখনত বিভিন্ন মহাবিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.