যুৱ ব্যৱসায়ীৰ আদৰণীয় পদক্ষেপ

0 229

টীয়কৰ চেলেংহাট পথৰ টীয়ক চাহ বাগিছা অঞ্চলৰ এজন যুৱ ব্যৱসায়ীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি টীয়কৰ অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত বাট পথ,ঘৰ দোকান ছেনিটাইজ কৰি ক’ৰণা বিৰুদ্ধে সজাগতা আনিবলৈ চেষ্টা কৰিছে।জানিব পৰা মতে সঞ্জীৱ ৰাও নামৰ ব্যৱসায়ী গৰাকীৰ ভায়েক সহ পৰিয়ালৰ কেইবাজনো সদস্য বৰ্হি ৰাজ্যৰ পৰা নিজ ঘৰলৈ আজিৰ পৰা ১৬ দিন আগতে আহিছিল আৰু আহোতে চৰকাৰী নিৰ্দেশনা মতে তেওঁলোকৰ স্বাৱ পৰীক্ষা কৰা হৈছিল।পৰৱৰ্ত্তী সময়ত স্বাৱ পৰীক্ষাৰ ফলাফল পজিটিভ অহাত তেওঁলোকক স্বাস্থ্য বিভাগে হস্পিতাললৈ লৈ যায় আৰু পৰিয়ালৰ সকলোকে কভিড-১৯ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে।
 
 
 
স্বাস্থ্য বিভাগৰ পৰামৰ্শ মতে পৰিয়ালটিৰ সকলো সদস্য আৰু তেওঁৰ ব্যৱসায়ৰ লগত জড়িত সকলোকে স্বাৱ পৰীক্ষা কৰা হয় আৰু সকলোৰে ফলাফল নিগেটিভ আহে।তৎসত্তেও যুৱ ব্যৱসায়ীজনে অধিক সতৰ্কতা অৱলম্বন কৰি ব্যৱসায়ী প্ৰতিস্থান যোৱা ১৫ টা দিন বন্ধ কৰি থৈছিল যাতে গ্ৰাহক বা অনান্য সকল বিপদত নপৰে।আজি হস্পিতালত থকা পৰিয়ালৰ সদস্যসকলৰ নিগেটিভ অহাৰ পাছত ঘৰ দোকান তথা বাট পথ সকলো ছেনিটাইজ কৰি পুনৰ ব্যৱসায় আৰম্ভ কৰিবলৈ লৈছে।
 
 
উল্লেখযোগ্য যে বিশেষকৈ চাহ বাগান অধ্যুষিত অঞ্চল হোৱাৰ বাবেই সকলোৰে নিগেটিভ হোৱাৰ পাছতো ৰাইজক সজাগ তথা ক’ৰণাৰ সংক্ৰমণ ৰোধৰ বাবে ১৫ দিনকৈ প্ৰতিষ্ঠান বন্ধ ৰখাৰ যুৱকজনৰ এই পদক্ষেপক এতিয়া সকলোৱে প্ৰশংসা কৰিছে লগতে ৰাইজৰ এনে সজাগতাই অতি সোনকালে এই মহামাৰীৰ কবলৰ পৰা পৰিত্ৰাণ পাব পৰা হ’ব সচেতন ৰাইজে মন্তব্য কৰিছে।

Leave A Reply

Your email address will not be published.