যুৱ সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন

0 274

ৰাজ্যৰ যুৱ সাংবাদিক সকলক কৰ্মক্ষেত্ৰত অধিক প্ৰেৰণা তথা উৎসাহিত কৰাৰ উদ্দেশ্যেৰে যুৱ সাংবাদিক সন্থা অসমে গ্ৰহণ কৰি অহা গুৰুত্বপূৰ্ণ পদক্ষেপৰ অংশস্বৰূপে বিগত বৰ্ষৰ দৰে এইবাৰো গুৱাহাটী প্ৰেছ ক্লাৱত আজি অনুষ্ঠিত প্ৰথম প্ৰতিষ্ঠা দিৱসৰ দিনটোতে কেইবাটাও শিতানত বঁটা প্ৰদান কৰা হয়। ডি ৱাই ৩৬৫ ৰ কুমুদ দাস, আসাম টকচৰ দেৱজিত তালুকদাৰ আৰু নিউজ লাইভৰ সাংবাদিক পুলক ডেকালৈ এই বৰ্ষৰ “সংবাদ শিৰোমণি” বঁটা, প্ৰতিদিন টাইমৰ মানস প্ৰতিম ডেকা আৰু নিউজ ১৮ অসমৰ ৰশ্মিতা গোস্বামীলৈ শ্ৰেষ্ঠ ঘোষক ঘোষিকা বঁটা, অসম আদিত্য, দৈনিক অগ্ৰদূত, গণঅধিকাৰ আৰু প্ৰাগ নিউজৰ সংবাদদাতা তিতাবৰৰ চিত্তকমল বেজবৰালৈ পৰিবেশ আৰু বন্যপ্ৰাণী সংক্ৰান্তীয় বঁটা প্ৰদানৰ লগতে নিয়মীয়া বাৰ্তাৰ সংবাদদাতা প্ৰাঞ্জল প্ৰাণ খাউণ্ডলৈ সৰ্বাধিক বাতৰি প্ৰেৰণৰ শিতানত যুৱ সাংবাদিকতাৰ এটা বঁটা প্ৰদান কৰা হয়। আজি সংগঠনটোৰ সভাপতি চন্দন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি নিয়মীয়া বাৰ্তাৰ উপ সম্পাদক অমল কৃষ্ঞ ডেকা,প্ৰতিদিন টাইম সাংবাদিক জিতুল দত্ত, অধিবক্তা দিলীপ বৰা আৰু দ্বীপেন মালাকৰ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ প্ৰদীপ কুমাৰ ডেকা,জাফাৰ সহকাৰী সম্পাদক প্ৰদীপ কুমাৰ ডেকাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.