অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে শনিবাৰে যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয় খন পৰিদৰ্শন কৰি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগত এখন সভাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে সভাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি, শৈক্ষিক দিশ আদিৰ বিষয়ে বুজ লয়। সভাত মন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰয়োজনীয় ধনৰাশি অহা জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া বাজেট অধিবেশনত অন্তৰ্ভুক্ত কৰাৰ আশ্বাস দিয়ে। অসম চৰকাৰে শীঘ্ৰে নিযুক্তি কৰিবলগীয়া ১ লাখ চাকৰিৰ মাজত মহিলা বিশ্ববিদ্যালয়ৰ খালী হৈ থকা অধ্যাপক-অধ্যাপিকাৰ পদসমূহ পুৰণৰ নিযুক্তিৰ প্ৰক্ৰিয়াটোও অন্তৰ্ভুক্ত হ’ব বুলি কয়। লগতে বিশ্ববিদ্যালয়খনৰ ভূমিৰ সমস্যাটো অতি শীঘ্ৰেই সমাধান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। সভাত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° অশোক ভট্টাচাৰ্য আৰু পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে বিশ্ববিদ্যালয়খনৰ সমস্যা আৰু কাম-কাজ সন্দৰ্ভত মন্ত্ৰীগৰাকীক অৱগত কৰে। সভাত অসম মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰীৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা