লক ডাউন হ’ব পাৰে মহানগৰীৰ

0 282

সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ক’ভিড১৯ৰ ফলত বিপদজ্জনক পৰিৱেশৰ সৃষ্টি হৈছে। সাম্প্ৰতিক পৰিস্থিতিত ৰাজ্যৰ গুৱাহাটী মহানগৰীত হোৱা ভয়াৱহ সামাজিক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ১১টাকৈ ৱাৰ্ডত লক ডাউন দিয়া হৈছে। ইতিমধ্যে মহানগৰীৰ এই ৱাৰ্ড কেইটা ক’ভিড১৯ৰ হট স্পটলৈ পৰিণত হৈছে।
 
 
এই সন্দৰ্ভত মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে সমগ্ৰ গুৱাহাটী মহানগৰীৰে বৰ্তমানৰ পৰিবেশ পৰিস্থিতি ভয়ানক হৈ পৰিছে। অপ্ৰয়োজনীয় কামত ঘৰৰ পৰা নোলাবলৈ অথবা গুৱাহাটীলৈ যাত্ৰা নকৰিবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। স্মৰ্তব্য যে যোৱা মঙলবাৰে গুৱাহাটীত আক্ৰান্ত হৈছিল ১০২জন লোক। ক’ভিড১৯ আক্ৰান্তৰ সংখ্যা ৱাৰ্ড অনুযায়ী বৃদ্ধি হৈ গৈ থাকিলে সমগ্ৰ গুৱাহাটী মহানগৰীতে লক ডাউনৰ ব্যৱস্থা কৰিব লাগিব বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।
 
 
কোনো লোকে যদি মুখত মাস্ক পৰিধান নকৰে তথা সামাজিক দুৰত্ব অৱলম্বন নকৰে তেতিয়াহ’লে এইক্ষেত্ৰত চৰকাৰৰ কোনোধৰণৰ কৰণীয়তা নাথাকে। এইক্ষেত্ৰত সকলোৰে নিজৰ নিজৰ দায়ৱদ্ধতা আছে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.