লখিমপুৰৰ জয়লক্ষীয়ে নিজস্ব সাধনাৰে জিনিলে “অসম বুক অৱ ৰেৰ্কডচ”ৰ স্বীকৃতি

0 251

দৃষ্টি থাকিলে লক্ষ্য নেহেৰায়” – এই আপ্ত বাক্য শাৰীৰ যথাৰ্থতা প্ৰমাণিত কৰি দেখুৱালে লখিমপুৰৰ এজন প্ৰত্যয়ী যুৱকে। আনুষ্ঠানিক প্ৰশিক্ষণ কিম্বা যোগ প্ৰশিক্ষকৰ সহায় নোলোৱাকৈ নিজস্র একাগ্ৰতা আৰু ঐকান্তিক সাধনাৰ বলত বৰবিল মিচিং গাঁৱৰ এজন দুৰ্দান্ত প্ৰতিভাধৰ যুৱকে প্ৰমাণিত কৰি আপ্ত বাক্যক সচা বুলি প্ৰমাণ কৰিলে। গাঁওখনৰ চহা তৰুণ পায়েং আৰু ৰীমা পাঞাংৰ পুত্ৰ জয়লক্ষী পায়েঙে সৰুৰে পৰা যোগ চৰ্চাৰ প্রতি ৰাপ আছিল । আৰ্থিক অনগ্ৰসৰতাৰ বাবে প্ৰশিক্ষকৰ সান্নিধ্য লাভ কৰিবলৈ সমৰ্থ নোহোৱা এইগৰাকী যুৱকে মনোবল বান্ধি প্ৰশিক্ষকবিহীন ভাবেই স্বগৃহত আৰম্ভ কৰিলে নিজা ববীয়া প্ৰচেষ্টাৰে যোগ চর্চাত। যোগ গ্ৰন্থ কিম্বা ইউটিউবৰ জৰিয়তে শাৰীৰিক নিৰ্দেশনা আৰু যোগ চৰ্চাৰ কলা কৌশলৰ অনানুষ্ঠানিক শিক্ষা আহৰণ কৰি জয়লক্ষীয়ে নিয়মীয়া ভাৱে আৰম্ভ কৰি দিলে নিজা ঘৰতে যোগভ্যাস কৰাৰ। যোৱা ৫ বছৰ ধৰি নিৰলস ভাবে কোনো ধৰণৰ যোগ গুৰুৰ নিৰ্দেশনা নোহোৱাকৈ একাগ্ৰ চিত্তে যোগ চৰ্চা অব্যাহত ৰাখি আহিছিল যুৱকজনে। পৰৱৰ্তী সময়ত যোগ শিক্ষাৰ কাৰিকৰী নিৰ্দেশনা আহৰণৰ বাবে যোৱা ২ টা বছৰ ইউটিউবৰ আশ্ৰয় লৈ নিজকে অভিজ্ঞ শিকাৰু হিচাপে গঢ়ি তুলিবলৈ সক্ষম হয় প্ৰচুৰ প্ৰত্যয়ী যুৱকজন। আৰ্থিক প্ৰতিবন্ধকতাকো নেওচি নিজকে এগৰাকী স্বয়ং সম্পূৰ্ণ যোগ শিক্ষাৰ্থী হিচাপে আত্ম প্ৰতিষ্ঠা অৱশেষত লাভ কৰিবলৈ সক্ষম হ`ল। লখিমপুৰৰ পানী গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ জয়লক্ষীয়ে জনোৱা মতে সাম্প্ৰতিক ক`ভিড পৰিস্থিতিৰ বাবে অনলাইন যোগে চলিত বৰ্ষৰ ১৫ মে’ত অনুষ্ঠিত যোগ প্ৰদৰ্শনত অংশগ্ৰহণ কৰি “যোগা নিদ্ৰাসন” শিতানত “অসম বুক অব ৰেকৰ্ডছৰ শ্ৰেষ্ঠত্বৰ স্বীকৃতি আজুৰি আনিবলৈ সক্ষম হয়। এই “যোগা নিদ্ৰাসনত জয়লক্ষীয়ে ২৫ মিনিট সময় এই আসনতে থাকি শ্ৰেষ্ঠত্বৰ স্বীকৃতি অৰ্জন কৰিবলৈ সক্ষম হয়। যুৱকজনে ইয়াৰপূর্বে যোগাসনতে ২০২০ চনৰ ১৩ জুনত অনুষ্ঠিত আমেৰিকান হাই ৰেঞ্জ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ,২০২০ আৰু ২০২১ চনত ইউ কে হাই ৰেঞ্জ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছকে ধৰি প্ৰায় ১৩ টা স্বীকৃতি পূৰ্ণ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। একবিংশ শতিকাৰ একলব্য হিচাপে আত্ম পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা জয়লক্ষীয়ে কোনো প্ৰশিক্ষকৰ
সান্নিধ্য অথবা নিৰ্দেশনা নোহোৱাকৈ নিজস্ব সাধনা আৰু একাগ্ৰতাৰ বাবে ৱৰ্ল্ড ৰেকৰ্ডছৰ বিৰল স্বীকৃতি অৰ্জন কৰিবলৈ সক্ষম হোৱাটোৱে ৰাজ্যখনৰ লগতে লখিমপুৰ জিলাবাসীক গৌৰান্বিত কৰি তুলিছে।
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.