লখিমপুৰ জিলাৰ লখিমপুৰ উন্নয়ন খণ্ডৰৰ অন্তৰ্গত সদা ব্যস্ত কোঁৱৰ গাঁৱৰ মাধবৰাম পথটোৰ জৰাজীৰ্ণ দূৰৱস্থাই দীৰ্ঘদিন ধৰি অঞ্চলবাসী ৰাইজক অবৰ্ণনীয় যন্ত্ৰণা ভোগাই আহিছিল। এই দুৰৱস্থাৰ সন্দৰ্ভত লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাক নিৰ্বাচনৰ সময়ত নাগৰিক সকলে অৱগত কৰি জৰুৰী কাৰ্য্যব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল। পৰৱৰ্তী সময়ত ডেকা বিধায়ক হিচাবে নিৰ্বাচিত হোৱাৰ পাছত ডেকাই প্ৰদান কৰা নিৰ্বাচনোত্তৰ প্ৰতিশ্ৰুতি শুক্ৰবাৰে পালন কৰে । বিধায়ক ডেকাই তৎপৰতাৰে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত এক আঁচনি গ্ৰহণ কৰি শুক্ৰবাৰে আনুষ্ঠানিক ভাৱে পথ নিৰ্মান কাৰ্যৰ শুভাৰম্ভ কৰে। স্থানীয় ৰাইজ ,দলীয় নেতৃত্ব আৰু বিভাগীয় বিষয়াই অংশ গ্ৰহণ কৰা এই নিৰ্মান কাৰ্যৰ শুভাৰম্ভনিয়ে অঞ্চলটোৰ এক দীৰ্ঘদিনীয়া জটিল সমস্যাৰ অৱসান ঘটালে বুলি কয় বিধায়ক ডেকাই । উল্লেখ্য যে এই পথটো এম জি এন ৰেগা আঁচনিৰ মুঠ ১৩ লাখ ১হাজাৰ ৬০২ টকা ব্যয়ৰে নিৰ্মান কৰা হব । বিধায়ক গৰাকীৰ এনে জন দায়বদ্ধশীল ভূমিকাক অঞ্চলবাসী ৰাইজে শলাগ লৈছে। বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন