লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ কৰ্মশালা সম্পন্ন  

0 237

লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ  উদ্যোগত ঢকুৱাখনা মহকুমাৰ সকলো উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰধান শিক্ষক ,অধ্যক্ষ আৰু কাৰ্য্যালয় সহায়ক সকলৰ এখন গুৰুত্বপূৰ্ণ কৰ্মশালা  বুধবাৰে ঢকুৱাখনাত অনুষ্ঠিত হয়। ঢকুৱাখনা মহকুমাৰ সোৱণশিৰী অঞ্চলৰ বাসুদেৱ থান শঙ্কৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত  কৰ্মশালাত উপস্থিত ৯৮ গৰাকী অধ্যক্ষ, প্ৰধান শিক্ষক, আৰু ৯৮ গৰাকী কাৰ্য্যালয় সহায়কে অংশগ্ৰহণ কৰা গুৰুত্বপূৰ্ণ কৰ্মশালাত উদ্ধোধনী আৰু  আদৰণি মূলক ভাষণ প্ৰদান কৰে  জিলা অধিবিদ্যা পৰিষদৰ সভাপতি তথা লখিমপুৰ জিলা শিক্ষা চক্ৰৰ বিদ্যালয় সমূহৰ পৰিদর্শক ডঃ  ৰমেশ চন্দ্ৰ  চুতীয়াই।  জিলা অধিবিদ্যা পৰিষদৰ উপ সভাপতি, তাৰিয়নী বৰবিল হাইস্কুলৰ প্ৰধান শিক্ষক ডম্বৰুধৰ নেৱাৰ, সম্পাদক তথা বগীনদী নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক  প্ৰদীপ বৰা , সহকাৰী সম্পাদক তথা ডঃ বি আৰ আম্বেদকাৰ হাইস্কুলৰ প্ৰধান শিক্ষক অনন্ত দাস, অসম ৰাজ্যিক হাইস্কুল শিক্ষক সন্থাৰ উপ সভাপতি ছৈগুৰি আদৰ্শ হাইস্কুলৰ  লক্ষী সন্দিকৈ ,ঢকুৱাখনা জিলা হাইস্কুল শিক্ষক সন্থাৰ  সম্পাদক, ন আলি হাইস্কুলৰ  প্ৰধান শিক্ষক লক্ষী হাতী বৰুৱা , ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ,সদৌ অসম অধ্যক্ষ ফৰামৰ সভানেত্রী কল্পনা গগৈ , পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুলু  শইকীয়া আদি উপস্থিত থকা কৰ্মশালাত বিদ্যালয়ৰ বিত্তীয় প্ৰশাসন, সাধাৰণ প্ৰশাসন আৰু  বিদ্যালয় প্ৰশাসন  সন্দৰ্ভত সমল ব্যক্তি  একাউটেণ্ট মিন্টু ফুকন , লখিমপুৰ জিলাৰ জ্যেষ্ঠ অডিটৰ পূৰ্ণানন্দ চুতীয়া আৰু বিদ্যালয় সমূহৰ পৰিদর্শক ডঃ চুতীয়াই  বিস্তৃত ভাবে প্ৰশিক্ষণ প্ৰদান কৰে। নিজৰ বক্তব্যত লখিমপুৰ জিলা  শিক্ষা চক্ৰৰ বিদ্যালয় সমূহৰ পৰিদর্শক ডঃ চুতীয়াই উৎকৃষ্ট মানৱ সম্পদ গঢ়াত এই পবিত্ৰ শিক্ষানুষ্ঠানৰ  সমূহৰ অতুলনীয় অৱদান আছে বুলি উল্লেখ কৰি এখন শিক্ষানুষ্ঠানৰ সুস্থ শৈক্ষিক পৰিবেশ সৃষ্টিৰ প্ৰধান চালিকা শক্তি স্বৰূপ প্ৰধান সকলৰ কৰ্তব্য পৰায়নতা , অধ্যয়নশীলতা , নিয়মানুৱৰ্তীতা আৰু শৃংখলাবব্ধতাৰ ওপৰত বহুলাংশে নিৰ্ভৰশীল বুলি কয়।  যেতিয়ালৈকে শিক্ষক সকলে বা প্ৰধান শিক্ষক সকলে নিজৰ দায়িত্ব ,কৰ্তব্য সম্পৰ্কে সচেতন নহব,ছাত্ৰ ছাত্ৰীৰ কল্যান বা সামূহিক উন্নয়নৰ বাবে অধিক চিন্তাশীল নহব তেতিয়া লৈকে গুণগত শিক্ষা প্ৰদান সম্ভৱ নহব বুলি অনুকিয়াই  গুণগত শিক্ষা দান  ব্যৱস্থাত  প্ৰতিবন্ধকতা হিচাবে প্ৰধান সকলে সন্মুখীন হৈ অহা বিত্তীয়  প্ৰশাসন, হিচাব সংৰক্ষণৰ অহেতুক বোজা আৰু কাৰ্যালয় সহায়ক সকলৰ এই ক্ষেত্ৰত অজ্ঞতা আদি দূৰীকৰণৰ বাবে পৰিষদে এই লানি কৰ্মশালা গ্ৰহণ কৰা বুলি কয়। শৈক্ষিক উত্তৰণৰ পথ প্ৰশস্ত কৰাৰ সমান্তৰাল ভাৱে বিত্তীয় শৃংখলাবদ্ধতা  ৰক্ষাৰ বাবে  জিলাখনৰ  বিহপুৰীয়া কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়, নাওবৈছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৰ্মশালা অনুষ্ঠিত কৰাৰ পাছত বুধবাৰে ঢকুৱাখনাত অধ্যক্ষ , প্ৰধান শিক্ষক আৰু কাৰ্য্যালয় শিক্ষক সকলকলৈ কৰ্মশালা অনুষ্ঠিত কৰা বুলি উল্লেখ কৰি ডঃ চুতীয়াই বিত্তীয় কামত জড়িত হোৱাৰ বাবে প্ৰধান শিক্ষক ,অধ্যক্ষ সকলে শৈক্ষিক দিশত মনোনিবেশ কৰিবলৈ সক্ষম নোহোৱা বুলি উল্লেখ কৰি  উৎকৃষ্ট মানৱ সম্পদ গঢ়াত সহায়ক হোৱাৰ স্বাৰ্থত কাৰ্য্যালয় সহায়ক সকলক এই দিশত পাৰ্গত কৰিবলৈ এনে কৰ্মশালা অনুস্থিত কৰা বুলি কয় শিক্ষা বিষয়া গৰাকীয়ে।  অভ্যাগত সকলক বাসুদেৱ থান শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গংগেশ্বৰ বৰুৱাই গামোচাৰে উষ্ণ আদৰণি জনাই।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।
 

Leave A Reply

Your email address will not be published.