লাহিঙলৈ গৌৰৱ কঢ়িয়াই আনিলে বহুকেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে

0 267

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন নম্বৰ লাভ কৰি অতি পিছপৰা অঞ্চল লাহিঙলৈ গৌৰৱ কঢ়িয়াই আনিলে কেইবাগৰাকীও ছাত্ৰ- ছাত্ৰীয়ে৷লাহিঙৰ এখন চৰকাৰী বিদ্যালয় লাহিং গ্ৰান্ট উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা
অৱত্তীৰ্ণ হৈ সাধাৰণ চাহপাতৰ ব্যৱসায়ী
তমিজুদ্দিন আহমেদ আৰু গুলেনা বেগমৰ পুত্ৰ
ৰিয়াজুদ্দিন আহমেদে অসমীয়াত ৮৯,ইংৰাজীত ৯৩ ,সাধাৰণ গণিতত ৯৭,সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ৮২,হিন্দীত ৮৩ নম্বৰ সহ সৰ্বমুঠ ৯০.১৬ শতাংশ লাভ কৰি বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷
 
 
সেই বিদ্যালয়ৰ পৰাই অপূৰ্ৱ শইকীয়া আৰু ৰেণু শইকীয়াৰ কন্যা সংগীতা শইকীয়াও ডিষ্টিংচন লাভ কৰে৷সংগীতাৰ পিতৃ এজন সাধাৰণ কৃষক৷সংগীতাৰ প্ৰাপ্ত নম্বৰ এনেধৰণৰ অসমীয়া ৮০,ইংৰাজী ৮৯,সাধাৰণ গণিত ৯০,সাধাৰণ বিজ্ঞান ৯১,সমাজ বিজ্ঞান ৮৫ আৰু হিন্দী ৮৫৷উল্লেখ যে বিদ্যালয়খনৰ হিন্দীৰ শিক্ষকৰ অবিহনেই নিজৰ প্ৰচেষ্টাৰে তেওঁলোক দুয়োগৰাকীয়ে লেটাৰ মাৰ্কচ লাভ কৰাটো তাৎপৰ্যপূৰ্ণ৷
 
লাহিং গ্ৰান্টৰ পৰাই মিতালী বৰুৱাই ষ্টাৰ মাকৰ্চ লাভ কৰে৷অন্যহাতেদি লাহিঙৰ জ্যোতি বিকাশ জাতীয় বিদ্যালয়ৰ পৰা অৱত্তীৰ্ণ হৈ স্মৃতা দুৱৰাৰ পুত্ৰ বিশাল দুৱৰাই ডিষ্টিংচন লাভ কৰে৷তেওঁৰ প্ৰাপ্ত নম্বৰ অসমীয়া ৮২,ইংৰাজী ৯৪,সাধাৰণ গণিত ৮৮,সাধাৰণ বিজ্ঞান ৮০,সমাজ বিজ্ঞান ৭৬ আৰু ঐচ্ছিক গণিত ৯৫৷লাহিঙৰ নৱবিকাশ জাতীয় বিদ্যালয়ৰ পৰা অৱত্তীৰ্ণ হৈ ডিষ্টিংচন লাভ কৰি অংকুৰণ চুতীয়াও বিদ্যালয়ৰ লগতে লাহিঙলৈ গৌৰৱ কঢ়িয়াই আনিলে অতুল চুতীয়া আৰু জ্যোতি বৰা চুতীয়াৰ পুত্ৰ অংকুৰণে৷তেওঁৰ প্ৰাপ্ত নম্বৰ অসমীয়া ৮২,ইংৰাজী ৯৪,সাধাৰণ গণিত ৯৭,সাধাৰণ বিজ্ঞান ৮৫,সমাজ বিজ্ঞান ৯০ আৰু ইচ্ছিক গণিতত ৮৫ নম্বৰ৷ছাত্ৰ-ছাত্ৰী কেইগৰাকীৰ এই সাফল্যই অঞ্চলটোলৈ সুখৰ বন্যা বোৱাই আনিছে৷
খবৰ যুগুতালে লাহিঙৰ পৰা গোপাল কৃষ্ণ বাঢ়ৈয়ে..

Leave A Reply

Your email address will not be published.