পশ্চিম গুৱাহাটীৰ ৰাণী সজ্জনপাৰাত শ্ৰীশ্ৰী বুঢ়ী গোঁসানী (দূৰ্গাদেৱী) মন্দিৰত উপৰদানী তালুকৰ উদ্যোগত ঐতিহ্যমণ্ডিত ৰাণী ৰাজৰ ৰাজ বংশানুক্ৰমে প্ৰচলিত দূৰ্গা পূজাৰ শতবৰ্ষ উৎসৱ যোৱা ৩ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ ছয়দিনীয়া কাৰ্য্যসূচীৰে সফলতাৰে উদযাপন কৰে। ৩ অক্টোবৰৰ পুৱা তালুকৰ মূল পতাকা উত্তোলনৰে শতবৰ্ষ দূৰ্গাপূজাৰ কাৰ্য্যসূচী শুভাৰম্ভ কৰে উপৰদানী তালুকৰ সভাপতি অৰুণ চন্দ্ৰ বড়োৱে আৰু স্মৃতি তৰ্পন কৰে উপদেষ্টা নবীন চন্দ্ৰ বড়োৱে। আনহাতে শতবৰ্ষ দূৰ্গাপূজাৰ লগত সংগতি ৰাখি দিনৰ ১০.৩০ বজাত উলিওৱা বিশাল বাৰেৰহনীয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে স্থানীয় বিধায়ক তথা এমন্ত্ৰনৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। সন্ধিয়া পূজাস্থলীত ১০০ গৰাকী জ্যেষ্ঠ ব্যক্তিসকলে ১০০ গছি বন্তি প্ৰজ্বলন কৰে। আনহাতে ৪ অক্টোবৰৰ সন্ধিয়া দেৱীৰ বোধনৰে দূৰ্গাপূজাৰ ধৰ্মীয় কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয়। ৫ অক্টোবৰ সপ্তমীৰ দিনা ধৰ্মীয় কাৰ্যসূচীৰ উপৰিও পূজাৰ লগত সংগতি ৰাখি প্ৰদৰ্শনী, আধুনীক নৃত্য, সমবেত সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া শতবৰ্ষ দূৰ্গাপূজাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে ৰাভা হাচাং স্বায়িত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। নিশা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে ৬ অক্টোবৰ দূৰ্গাপূজাৰ মহাষ্টমী উপলক্ষে পুৱাৰে পৰা মন্দিৰৰ চৌহদত হাজাৰ হাজাৰ ভক্তৰে মুখৰিত হৈ পৰে। মন্দিৰৰ কৰ্মকৰ্তা শ্যাম ৰাভাই জানিবলৈ দিয়ামতে মহাষ্টমীৰ দিনা মন্দিৰত চাৰিটাকৈ মহ বলি দিয়াৰ লগতে ১৫ টাকৈ মহ এৰি দিয়ে। ৮ অক্টোবৰ বিজয়া দশমীৰ দিনা অপৰাজিতা পূজা আৰু বলয় গ্ৰহণৰ পিছত শতবৰ্ষ গৰকা দূৰ্গাপূজাৰ সফল সামৰণি পৰে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন