শব্দৰ ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ

0 364

                                                    নৈপাৰৰ নৈসৰ্গিক পৰিবেশৰ মাজত এইবাৰ অনুষ্ঠিত হ’ব শব্দ তৃতীয় ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ।  নাটকক ৰাইজৰ অধিক কাষ চপাই অনাৰ লক্ষ্যৰে শব্দ ৰাষ্ট্ৰীয় নাট্য মহোৎসৱে গ্ৰহণ কৰিছে এক অভিনৱ প্ৰয়াস । নৈ পৰীয়া ২০১৯ শব্দ তৃতীয় ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ শীৰ্ষক নাট মহোৎসৱখনি যোৰহাট মৰিয়নীৰ নকচাৰী মিল গাঁৱত গ্ৰাম্য পটভূমিৰ নৈ পাৰৰ নৈসৰ্গিক পৰিবেশৰ মাজত আয়োজন কৰা হৈছে। বোৱাতি টীয়ক নদীৰ পাৰৰ এটা বালি চাপৰি হ’ব নাটকৰ মঞ্চ। আনহাতে আনটো পাৰত এডৰা বাঁহনীৰ তলত বাঁহৰ বেঞ্চত বহি নাট উপভোগ কৰিব দৰ্শকে।  ৪ জানুৱাৰী পৰা ৯ জানুৱালীকৈ হ’বলগীয়া নৈ পৰীয়া নাট মহোৎসৱত দেশৰ ভিন্ন প্ৰান্তৰ আগশাৰী নাট্যগোষ্ঠীৰ ১২ খন বচা বচা নাটক প্ৰদৰ্শিত হ’ব। ইয়াৰ ভিতৰত মুম্বাইৰ মুচকান থিয়েটাৰ লেবৰ ভয়চ অব দাম্বছ, পশ্চিম বংগৰ কোনোগৃহ বধু আৰু ডাকঘৰ নাটককেইখন অন্যতম। আনহাতে অসমৰ ৰবিজিতা গগৈয়ে পৰিচালনা কৰা জিৰছাং থিয়েটাৰৰ আত্মজ, যোৰহাট ড্ৰামা একাডেমীৰ ন’মফবিয়াকে ধৰি দুলিয়াজানৰ পথাৰ নাট্য গোষ্ঠীৰ ৰাজবধু, নকছাৰী গিৱন কুশলীৱৰ ড০ জিণ্টু হাজৰিকায়ে ৰচনা পৰিচালনা কৰা যুঁজাৰু দ্যা ফাইটাৰকে ধৰি মুঠ ১২ খন নাট মঞ্চস্থ হ’ব। অহা ৪ জানুৱাৰী ৰ পৰা ১০ জানুৱাৰী লৈ দিনৰ এক বজাৰ পৰা চাৰি বজালৈ দৈনিক দুখনকৈ নাটক প্ৰদৰ্শিত হ’ব। নাট্য মহোৎসৱ স্থলীক মিছিং শব্দ মুৰং নামেৰে নামাকৰণ কৰা লগতে মিচিং পৰম্পৰা ৰক্ষা কৰি বাঁহ, খেৰ, কাঠ আৰু তঙ্গলেৰে সাজি উলিয়াইছে মঞ্চ, মণ্ডপ, গ্ৰীণ ৰূপ আৰু অতিথি শালা আদি। আনহাতে নাট্য মহোৎৱত অংশগ্ৰহণ কৰিবলৈ অহা নাট্য গোষ্ঠী সমুহৰ অভিনয় শিল্পী সকলেও নৈ পাৰৰ নৈসৰ্গিক পৰিবেশৰ মাজত মুকলি মঞ্চত অভিনয় কৰিবলৈ আহি ৰোমাঞ্চিত হৈ পৰা বুলি অনুভৱ ব্যক্ত কৰে। নাট্য মহোৎসৱৰ প্ৰৱেশ বিনামূলীয়া বুলি জানিবলৈ দিছে উদযাপন সমিতি শব্দৰ হৈ উজ্বল পাওগামে। খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈ।

Leave A Reply

Your email address will not be published.