শিপাক ধৰি ৰখাৰ প্ৰয়াস কৰিলে কেইজনমান অসমীয়াই

0 280

কৰ্মসূত্ৰে নিজ জন্মভূমি অসমৰ পৰা বহু দূৰত ফটোত দেখা পোৱা এই সকল অসমীয়া।বহিঃৰাজ্যত থাকিও কিন্তু পাহৰি যোৱা নাই গৌৰৱজ্বল অসমীয়া কৃষ্টি সংস্কৃতি ।নিজ শিপা ডালক ধৰি ৰখাৰ নিৰন্তৰ প্ৰয়াস তেঁওলোকৰ ।ক`ভিড সৃষ্ট পৰিবেশৰ বাবে নিজ ওপজা গাঁও খনলৈ আহি পৰিয়াল তথা গাঁওবাসী লগত একেটি নামঘৰতে বহি কৃস্ঞৰ জন্মাষ্টমী পালন কৰিব নোৱাৰিলে যদিও কৰ্ম সুত্ৰে হাইদৰাবাদত থকা সমূহ অসমীয়া একত্ৰিত হৈ উলহ মালহে পালন কৰিলে জন্মাষ্টমী ।পৰিকল্পনা আছিল গুৰু দুজনাৰ অনৱদ্য উপহাৰ এভাগি ভাওনা অনুষ্ঠিত কৰাৰো, কিন্তু সম্প্ৰিতিক পৰিৱেশ আৰু পৰিস্থিতিৰ বাবে সাময়িক ভাবে বাতিল কৰা হৈছে এই সিদ্ধান্ত।নিশ্চয়কৈ তেওঁলোকৰ এনে পদক্ষেপ অসমীয়া সমাজৰ বাবে এটি ইতিবাচক খবৰ।

Leave A Reply

Your email address will not be published.