শিল্পী শাৰদী শইকীয়াই ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰিছে

0 272

সত্ৰীয়া নৃত্যশৈলীৰ অগ্ৰণী শিল্পী শাৰদী শইকীয়াই কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা টেগোৰ ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰিছে।চলিত বৰ্ষত দেশৰ সৰ্বমুঠ ১৫ জন জ্যেষ্ঠ পৰিৱেশ্য কলাৰ লগত জড়িত লোকক এই বৃত্তি প্ৰদান কৰা হৈছে।
উল্লেখযোগ্য যে প্ৰয়াত ৰহেশ্বৰ শইকীয়া বৰবায়নৰ অন্যতম প্ৰধান ছাত্ৰী শাৰদী শইকীয়াই বিগত ৫ টা দশক ধৰি সত্ৰীয়া নৃত্যধাৰাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চৰ্চা, শিক্ষণৰ লগতে পৰিৱেশনমূলক বক্তৃতা প্ৰদান আৰু সংৰচনাৰ কামত আত্মনিয়োগ কৰিছিল। তেওঁ ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ লগতে ৰাষ্ট্ৰীয় সংগীত নাটক অকাডেমী বঁটাৰেও সন্মানিত হৈছিল।

Leave A Reply

Your email address will not be published.