শিশু সুৰক্ষা সপ্তাহৰ সফল সামৰণি

0 412

শিশু সুৰক্ষা দিৱস উপলক্ষে অসমৰ অন্যতম শিশু শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান বেলিকিডছ এডুকেয়াৰে আয়োজন কৰা শিশু সুৰক্ষা সপ্তাহৰ ১২ ম‍‍াৰ্চ বৃহস্পতিব‍াৰে সামৰণি পৰে।
 
শিশু অধিকাৰৰ প্ৰতি ৰাইজক অধিক সচেতন কৰি তোলাৰ লগতে শিশু সুৰক্ষাৰ লগত জড়িত বিভিন্ন দিশ সম্পৰ্কে শিক্ষক,অভিভাৱক আৰু ৰাইজক পৰিচয় কৰাই দি তেওঁলোকৰ ভৱিষ্যত নিৰাপত্তা সুনিশ্চিত কৰি তোলাৰ বাবে বিজ্ঞানসন্মত পৰিকাঠামো গঢ়ি তোলাৰ লক্ষৰে ৪ মাৰ্চৰ পৰা ১২ মাৰ্চলৈ ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা শিশু সুৰক্ষা সপ্তাহৰ সামৰণি অনুষ্ঠান বৃহস্পতিবাৰে বেলিকিডছত অনুষ্ঠিত হৈ যায়।
অনুষ্ঠানত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰৱক্তা জুনু দাস, অসম জাতীয় বিদ্যালয়ৰ অভিভাৱক গোটৰ প্ৰতিনিধি জিণ্টিৰাণী ডেকা, চাইল্ডলাইনৰ প্ৰতিনিধি ইকুপৰ্ণ দাস আৰু  হীৰামণি ৰাভা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডলৰ সহকাৰী অধ্যাপক ডালিম দাসৰ লগতে অসম ডনবস্কো ইউনিভাৰচিটিৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা ড০ নৱমিতা দাসৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।প্ৰৱক্তা জুনু দাসে শিশু সুৰক্ষাৰ ক্ষেত্ৰত থকা চৰকাৰী আঁচনি,সেৱাসমূহৰ গুৰুত্বৰ কথা উল্লেখ কৰাৰ লগতে জিণ্টিৰাণী ডেকাই অভিভাৱক আৰু বিদ্যালয়ে ল’বলগীয়া সাৱধানতা সম্পৰ্কে বাখ্যা আগবঢ়ায় ।চাইল্ডলাইনৰ প্ৰতিনিধি ইকুপৰ্ণ দাসে কামৰূপ আৰু গোৱালপাৰা জিলাৰ ভিতৰুৱা অঞ্চলত বুজন সংখ্যক শিশু শ্ৰম শোষন,বাল্য বিবাহৰ বলী হোৱাৰ লগতে যৌন শোষনৰ বলিহোৱাৰ বিষয়ে তথ্যভিত্তিক ভাষণ আগবঢ়োৱাৰ লগতে উপস্থিত কেইবাজনো লোকে বেলিকিডছৰ প্ৰয়াসক প্ৰশংসা কৰে।
 
অনুষ্ঠানত বেলিকিডছৰ সঞ্চালক ৰত্ন দাসে বহুকেইখন শিশু ছবি প্ৰদৰ্শন কৰি শিক্ষক, অভিভাৱক সচেতন হ’বলৈ আহ্বান জনায় ।উল্লেখ্য যে শিশু সুৰক্ষা সপ্তাহৰ বিভিন্ন কাৰ্যসূচীৰ অধীনত এই সময়ছোৱাত বেলিকিডছে অঞ্চলটোৰ কেইবাখনো বিদ্যালয় আৰু অংগনবাদী কেন্দ্ৰত ৩ সহস্ৰাধিক প্ৰচাৰ পত্ৰিকাৰ লগতে ৫০ টা গছৰ পুলি বিভিন্ন বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অবিভাৱকৰ মাজত বিতৰণ কৰে।
এই সময়ছোৱাত ক্ৰমে শিকাৰহাটী আঞ্চলিক হাইস্কুল,ৰামমোহন গোস্বামী শিশু বিদ্যালয়,গড়গৰা, মাজকুছি প্ৰাথমিক বিদ্যালয়,কুমেৰীয়া অঙ্গনবাদী কেন্দ্ৰ, ১ নং লোহাৰঘাট অঙ্গনবাদী কেন্দ্ৰ,ডিমালী অঙ্গনবাদী কেন্দ্ৰ আৰু শালবাৰী অঙ্গনবাদী কেন্দ্ৰত বিভিন্ন সজাগতামূলক কাৰ্যসূচী পৃথকে পৃথকে ৰূপায়ন কৰে ।

Leave A Reply

Your email address will not be published.